Rupaliparda.com
"নাৰীৰ ঋতুস্ৰাৱ অসাধাৰণ নহয়!"- মনোজ বৰকটকী আৰু ৰঞ্জিতা বৰুৱাৰ অভিনয়েৰে "সপ্তমী" 1

“নাৰীৰ ঋতুস্ৰাৱ অসাধাৰণ নহয়!”- মনোজ বৰকটকী আৰু ৰঞ্জিতা বৰুৱাৰ অভিনয়েৰে “সপ্তমী”

“ঋতুস্ৰাৱ”; “মাহেকীয়া” ইত্যাদি শব্দবোৰৰ লগতেই এগৰাকী নাৰীৰ জীৱনলৈ আহে “এইটো কৰিবলৈ নাপায়”, “ইয়াত যাবলৈ নাপায়” অথবা “এয়া চুবলৈ নাপায়”। মুঠতে, তিনিটা দিনৰ বাবে নিজেই নিজৰ পৰিয়ালটোৰ বাবেও যেন এগৰাকী নাৰী এলাগী হৈ পৰে। পূৰ্বৰে পৰা আমি সকলোৱে দেখি আহিছো সেইকেইটা দিনত নাৰী গৰাকী অইনতকৈ বেলেগে থকা আৰু নিজৰ খোৱা কাঁহী, গ্লাচ আচুঁতীয়াকৈ ৰখা ইত্যাদি কিছু নিয়ম। সময়ৰ পৰিৱৰ্তন অনুযায়ী উক্ত নিয়মবোৰৰ কিছু সলনি হৈছে যদিও বৰ্তমানেও কিছু নিয়মক যেন এৰিব পৰা নাই আমাৰ সমাজ ব্যৱস্থাই। ঋতুস্ৰাৱ অসাধাৰণ অথবা নাভ্ৰূত-নাশ্ৰুত ঘটনা নহয়; ইয়াক লৈ বহুতেই কৰা লাজ, শংকা আদিবোৰ আচলতে অগ্ৰহণযোগ্য। এনে এক বিষয়বস্তুকেই আধাৰ হিচাপে লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে “সপ্তমী”। তিনি মিনিটৰ এই চুটি ছবিখনত উপস্থাপন কৰা কাহিনীভাগ তেনেই সাধাৰণ; হয়টো প্ৰায়ে প্ৰতিগৰাকী নাৰীৰ জীৱন যাত্ৰাত এনে ঘটনা এবাৰ নহয় এবাৰলৈ ঘটিছে। ছবিখনৰ বিষয়বস্তু, পৰিচালনা,দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে অৰ্ণৱ জ্যোতি মহন্তই। অতি কম সময়ৰ ভিতৰতেই পৰিচালক গৰাকীয়ে প্ৰত্যেকজনী নাৰীয়ে হৃদয়ংগম কৰিব পৰাকৈ উপস্থাপন কৰা কাহিনীভাগে সমাদৰ লাভ কৰাত সক্ষম হৈছে।


চুটি ছবিখনত দেখিবলৈ পোৱা ন-যুঁটিটো অৰ্থাৎ মনোজ বৰকটকী আৰু ৰঞ্জিতা বৰুৱাৰ অভিনয়ে চুটি ছবিখন আৰু অধিক উপভোগ্য কৰি তুলিছে। বিজ্ঞানসন্মত ভাৱে কোনো কাৰণ নাথাকিলেও; জনসমাজত মুখে মুখে চলি থকা কিছু প্ৰথাৰ যে বৰ্তমানেও কোনো সাল-সলনি ঘটা নাই তাকো দেখুওৱা হৈছে “সপ্তমী” ত। সম্প্ৰতি সময়তো নাৰীয়ে এনেবোৰ নিয়মৰ আঁত ধৰি মন্দিৰ অথবা কোনো শুভকৰ্মলৈ নোযোৱাকৈ থাকে। Feadara ৰ সৈতে যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য হৈছে মনোজ বৰকটকীৰ। সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে প্ৰাঞ্জল প্ৰতীম মহন্ত; লগতে কলা নিৰ্দেশক আজানুৰ ৰহমান। পোষ্টাৰ ডিজাইন অভিজিৎ লস্কৰৰ।

"নাৰীৰ ঋতুস্ৰাৱ অসাধাৰণ নহয়!"- মনোজ বৰকটকী আৰু ৰঞ্জিতা বৰুৱাৰ অভিনয়েৰে "সপ্তমী" 2


“সপ্তমী” ৰ লোকেশ্বন চাউণ্ড আৰু বেকগ্ৰাউণ্ড স্কৰ ৰাজতিলক ডেকাৰ। মাৰ্কেটিং আৰু গ্ৰাফিক্স বুলবুল চন্দ্ৰ মেধিৰ। চুটি ছবিখনৰ কাহিনীভাগৰ লগতে আগন্তুক সময়ত ৰঞ্জিতা আৰু মনোজ বৰকটকীৰ এই নতুন যুঁটিটোক চাবলৈ অপেক্ষাৰতো হৈ পৰিছে অসমীয়া ছবি প্ৰেমী দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform