বলীউডৰ একোটা উল্লেখনীয় যুঁটি মাজৰ এটা হৈছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ। শেহতীয়াকৈ ওলোৱা এটা সুখবৰে টোকৰ মাৰিছে তেওঁলোকৰ জীৱনত। অহা বৰ্ষলৈ তিনিটা সদস্যৰে পৰিপূৰ্ণ পৰিয়ালত পৰিণত হ’ব তাৰকদ্বয়ৰ বাসগৃহ। এওঁলোকৰ বিভিন্ন খবৰে প্ৰায়ে চৰ্চা লাভ কৰি আহিছে চচিয়েল মিডিয়াত। শেহতীয়াকৈ আন এক ভিডিঅ’য়েও তেওঁলোকৰ অনুৰাগীক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়।
https://www.instagram.com/p/CG4LZh8J2dj/?utm_source=ig_web_copy_link

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ২৭ আগষ্ট তাৰিখে এই কথা নিজ অনুৰাগীক জনায়। আইপিএলৰ বাবে স্বামী-স্ত্ৰীমুম্বাই বাসগৃহত থকা অৱস্থাত আইপিএলৰ বাবে অভ্যাস কৰাৰ পূৰ্বেই বিৰাটে এটা সৰু পাৰ্টী দিয়ে। আনহাতে, অনুষ্কাই গৰ্ভধাৰণ কৰা পোষ্টটোৱে চচিয়েল মিডিয়াত লাভ কৰিছিল ১৫ মিলিয়নতকৈও অধিক লাইক। এই আইপিএলৰ মাজতেই বিৰাট কোহলীয়ে নিজ পত্নী তথা বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কাক ক্ৰিকেট গ্ৰাউণ্ডৰ মাজৰ পৰাই খবৰ লোৱা দেখিবলৈ পোৱা যায়।

আচলতে, অনুষ্কা শৰ্মা প্ৰায়ে নিজ স্বামীক সঁহাৰি জনাবলৈ ক্ৰিকেট চাবলৈ আহে। এনেদৰে চাবলৈ অহা সময়তে বিৰাটে অনুষ্কালৈ চাই হাতৰ পাকেৰে পত্নীয়ে কিবা খাই আহিছেনে জানিবলৈ বিচাৰে আৰু অনুষ্কাইও হাতৰ পাকেৰেই এই কথাৰ উত্তৰ দি দিয়ে। অনুষ্কা আৰু বিৰাটৰ এই কথোপকথনে শেহতীয়াকৈ চচিয়েল মিডিয়াত চৰ্চা লাভ কৰা লগতে তেওঁলোকৰ ফেন ক্লাৱেও ভিডিঅ’টো শ্বেয়াৰ কৰে।
Add comment