আকৌ এখন ৰোমান্টিক চুটি ছবিৰে সৈতে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে বৰ্তমান প্ৰজন্মৰ একাংশ প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰী। মুঠতে, বিৰতি যেন এতিয়া ক’তোয়ে নাই; ইটোৰ পিছত সিটো সুন্দৰ গান লগতে ইখনৰ পিছত সিখনকৈ সুন্দৰ চুটি ছবিয়ে অসমীয়া মনোৰঞ্জন জগতখনক বহু ওপৰলৈ তুলি নিছে। “লক-ডাউন” অথবা “ক’ৰণা ভাইৰাছৰ ফলত দেশত যদিও বিভীষিকাই দেখাই দিছিল তৎস্বত্বেও একাংশ সৃষ্টিশীল মনে সৃষ্টি কৰি উলিওৱা কিছু বস্তুৱে আচলতে উৎসাহিত কৰি তুলিছে সকলোকে। বিগত দিনত “লক-ডাউন” আৰু চুটি ছবিৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। বিগত ৮-৯ মাহ মানৰ পৰাই চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। সেই সময়ছোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত এই যাত্ৰাত ইখন-সিখনকৈ নিৰ্মাণ হোৱা চুটি ছবিৰ মাজৰ এখন হৈছে “তোমাৰ বাবে”। অহা ১০ নৱেম্বৰ তাৰিখে চুটি ছবিখনে মুক্তি লাভ কৰিব জনসাধাৰণৰ মাজত।
Anamika Films ৰ বেনাৰত চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংলাপ কিশোৰ বৰুৱাৰ। কাহিনী পিংকল প্ৰত্যুষৰ লগতে ইয়াত অভিনয় কৰিছে পিংকল প্ৰত্যুষ আৰু সুৰভী দাসে। চুটি ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে শান্তনু দত্ত, অংশুমান, থমাছ, আকাশ, প্ৰজ্ঞান আৰু বিদিশাই। শান্তনু দত্ত, বাদুৰ্য্য সেনাপতি আৰু পিংকল দাসদ দৃশ্যগ্ৰহণেৰে চুটি ছবিখনৰ সহঃ পৰিচালনা থমাছ ৰাজখোৱাৰ। সাজসজ্জা প্ৰিয়াশীৰ। আনহাতে, চুটি ছবিখনত অন্তৰ্ভূক্ত গীতটিৰ কথা আৰু পৰিচালনা কিশোৰ বৰুৱাৰ; ইয়াত কন্ঠদান কৰিছে ভাস্কৰ অপ্সৱেল আৰু আকাংক্ষা দাসে। মিউজিক আৰু বেকগ্ৰাউণ্ড স্কৰ পিংকল প্ৰত্যুষৰ লগতে গীতটিৰ সংগীত ব্যৱস্থাপনা দিগন্ত বৰদলৈৰ। চুটি ছবিখনৰ বাবে ইতিমধ্যে উৎসাহী হৈ পৰিছে প্ৰতিজন দৰ্শক; বৰ্তমান পৰিপ্ৰেক্ষিতত অসমীয়া দৰ্শকে বহুল ৰূপত নৱপ্ৰজন্মক সঁহাৰি জনোৱা কথাটোও আচলতে লেখত ল’বলগীয়া।

ধাৰাবাহিক লগতে চুটি ছবিসমূহত একেলেথাৰিয়ে নিজৰ অভিনয়ৰে মোহৰ লগোৱা অভিনেত্ৰী সুৰভী দাসৰ সৈতে পিংকল প্ৰত্যুষৰ যুঁটিটোৰ বাবে অপেক্ষাৰত তেওঁলোকৰ অনুৰাগী। ইতিমধ্যে ট্ৰেইলাৰ মুক্তি লাভ কৰা “তোমাৰ বাবে” চুটি ছবিখন মুক্তি দিয়া হ’ব পিংকল প্ৰত্যুষৰ ব্যক্তিগত ইউটিউব চেনেলত।
Add comment