Rupaliparda.com
বিষয়বস্তুৰ সাল-সলনিৰে Mystic Production House ৰ আন এটি গীত "অকলশৰীয়া"- 1

বিষয়বস্তুৰ সাল-সলনিৰে Mystic Production House ৰ আন এটি গীত “অকলশৰীয়া”-

“INSAAN” ৰ পিছত আকৌ এবাৰ Mystic Production House ৰ বেনাৰত মুক্তি লাভ কৰিব আন এটা গীত “অকলশৰীয়া”। গীতটিত ভাললগা বহুখিনি বস্তুয়েই হয়টো আকৰ্ষণ কৰিব আপোনাক। বিগত দিনৰ পৰাই সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট ইটোৰ পিছত সিটো গীতৰ জনপ্ৰিয়তাই অসমীয়া সাংস্কৃতিক দিশটো আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আমি সকলোৱে অনুভৱ কৰিছো যে সম্প্ৰতি সময়ত “হিৰো” ৰ সংজ্ঞা যেনেদৰে সলনি হৈছে ঠিক তেনেদৰে সলনি হৈছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিষয়বস্তু সমূহো। সমসাময়িক কিছু বস্তুৰ পৰা অকণমান ফালৰি কাটি এতিয়া ভিন্ন ধৰণৰ বিষয়বস্তুক সাঙুৰি লৈছে অসমীয়া গীত অথবা চুটি ছবি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহত। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীত “অকলশৰীয়াটো” টো সন্নিৱিষ্ট হৈ আছে এক নতুন বিষয় আৰু ব্যতিক্ৰমী ভাৱ ধাৰা। বাস্তৱ জীৱনৰ বিভিন্নটা দিশক প্ৰতিফলিত কৰাত আচলতে সফল হৈছে নৱপ্ৰজন্ম; সেইবাবেই হয়টো তেওঁলোকৰ সৃষ্টিৰ সৈতে সংযোগ স্থাপন কৰে অসমীয়া জনসাধাৰণে।

বিষয়বস্তুৰ সাল-সলনিৰে Mystic Production House ৰ আন এটি গীত "অকলশৰীয়া"- 2


ইতিমধ্যে প্ৰমো’ মুক্তি লাভ কৰা “অকলশৰীয়া” শীৰ্ষক এই গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীলাক্ষী নেওঁগে লগতে গীতটিৰ কথা তথা ইয়াত সুৰ আৰু সংগীত দিছে পল্লৱ তালুকদাৰে। আনহাতে, গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী লাভ কৰা অভিনেত্ৰী তথা অসম জীয়ৰী স্বাস্তিকা হাজৰিকা আৰু অভিনেত্ৰী শ্বৱনম নাৰ্গীছে। উল্লেখ্য যে, এইবাৰ পোন প্ৰথমবাৰৰ বাবে গীতটিৰ ভিডিঅ’ৰ ধাৰাবাহিকতা পৰিচালনাৰ ক্ষেত্ৰত মনোযোগ প্ৰদান কৰা হৈছে আৰু ইয়াৰ পৰিচালক হৈছে ধৃতিৰাজ মহন। লগতে, ভিডিঅ’টোৰ মূখ্য পৰিচালনা কৰিছে ৰুহুল বৰভূঞাই।

গীতটিৰ সাৰমৰ্ম অনুযায়ী কেৱল দুই গৰাকী অভিনেত্ৰীক গীতটিত অন্তৰ্ভূক্ত কৰা হৈছে।মুক্তিৰ তাৰিখ এতিয়ালৈ ঘোষণা কৰা হোৱা নাই যদিও ইয়াক লৈ অপেক্ষাৰত অসমীয়া সংগীত প্ৰেমী শ্ৰোতা-দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform