Rupaliparda.com
তিনি দিন পিছতেই সুবাসনা দত্তৰ গীতত ২ লাখতকৈও অধিক ভিউৱাৰচঃ 1

তিনি দিন পিছতেই সুবাসনা দত্তৰ গীতত ২ লাখতকৈও অধিক ভিউৱাৰচঃ

মুক্তিৰ ৩ দিন পিছতেই সুবাসনা দত্তৰ গীত “আপুনি আহিব” য়ে লাভ কৰিছে ২ লাখতকৈও অধিক ভিউৱাৰচ। গীতটিত অভিনীত অভিনেতা-অভিনেত্ৰী ক্ৰমে অমৃতা গগৈ আৰু কমল লোচনে নিজ নিজ ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰ দিয়ে জনসাধাৰণক। আচলতে, গীতটিয়ে মুক্তি লাভ কৰা পূৰ্বৰ পৰাই গীতটিক লৈ সচেতন মহল তথা অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ মাজত বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। স্ক্ৰীণত দেখিবলৈ পোৱা উক্ত নতুন যুঁটিটোক লৈ উৎসাহিতও হৈ পৰিছিল অনুৰাগী;”আপুনি আহিব” ৰ কথা আৰু সুৰ সমীৰ শেখৰৰ লগতে সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ লগতে সম্পাদনা সুব্ৰত কাকতিৰ আৰু দৃশ্যগ্ৰহণ কৰিছে উত্তম কলিতাই। ক’ৰোণা ত্ৰাসৰ ফলত বিগত কেইবাটাও দিনৰ পৰা ৰাজ্যত অব্যাহত থকা স্তব্ধতাৰ পিছত বৰ্তমান কিছু সাধাৰণ হোৱা পৰিস্থিতিয়ে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনকো সক্ৰিয় কৰি তুলিছে।

তিনি দিন পিছতেই সুবাসনা দত্তৰ গীতত ২ লাখতকৈও অধিক ভিউৱাৰচঃ 2


অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ। আনহাতে, অমৃতা গগৈ ব্যস্ত তেওঁৰ ধাৰাবাহিক “সৰাপাত” ক লৈ; কমল লোচনৰ প্ৰসংগলৈ আহিলে এটাই কথা ক’ব লাগিব যে নৱপ্ৰজন্মৰ সফল আৰু জনপ্ৰিয় অভিনেতাৰ মাজৰ এগৰাকী হৈছে কমল লোচন। তেওঁৰ অভিনয়ে আকৰ্ষণ কৰিছে প্ৰতিজন দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform