Rupaliparda.com
নগ্ন অৱস্থাত ফটো পোষ্ট কৰি ৰাইজৰ ৰোষত মিলিন্দ সুমনঃ দুটাকৈ ধাৰাত ৰুজু গোচৰ- 1

নগ্ন অৱস্থাত ফটো পোষ্ট কৰি ৰাইজৰ ৰোষত মিলিন্দ সুমনঃ দুটাকৈ ধাৰাত ৰুজু গোচৰ-

নগ্ন ফটো আপলোড কৰি ৰাইজৰ ৰোষত পৰিল অভিনেতা তথা মডেল মিলিন্দ সুমন। গোৱাৰ সাগৰৰ পাৰত নগ্ন হৈ দৌৰি থকা অৱস্থাত মিলিন্দ সুমনে আপলোড কৰিছিল এখন ফটো; তেওঁৰ জন্মদিনৰ দিনাই আপলোড কৰা হৈছিল এই ফটোখন। উক্ত ফটোখনে বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াৰ লগতে সচেতন মহলত। ফটোখনত বহুতে মডেল গৰাকীৰ ফিটনেছৰ প্ৰশংসা কৰিছিল যদিও একাংশই তেওঁৰ এই নগ্নতাৰ ওপৰত প্ৰশ্নৰো উত্থাপন কৰিছিল। তাৰ পিছতেই শেহতীয়াকৈ অহা খবৰনুসৰি, মিলিন্দ সুমনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। ধাৰা ২৯৪ আৰু ৬৭ ত উল্লেখিত অশ্লীল আচৰণৰ বাবে তেওঁৰ বিৰুদ্ধে এই গোচৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে, মডেল পুনম পাণ্ডেৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰা হৈছিল; সামাজিক স্থানত অশ্লীল ভিডিঅ’ শ্বুট কৰাৰ বাবে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল যদিও বৰ্তমান তেওঁ আৰু তেওঁৰ স্বামীয়ে জামিন লাভ কৰিছে।

নগ্ন অৱস্থাত ফটো পোষ্ট কৰি ৰাইজৰ ৰোষত মিলিন্দ সুমনঃ দুটাকৈ ধাৰাত ৰুজু গোচৰ- 2


উল্লেখ্য যে, মিলিন্দ সুমনক এইকেইটা দিনত পূৰ্ণৰূপত চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। মিলিন্দ সুমনক ৱেব চিৰিজ “ফৌৰ মৰ চট্চ” ত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও, তেওঁ ইনষ্টাগ্ৰামত অনুৰাগীক লৈ বিভিন্ন পোষ্ট কৰে। খাদ্য-বস্তুৰ পৰা আদি কৰি ব্যায়াম আদিৰো বিভিন্ন নিয়ম তেওঁ ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি তেওঁ দৰ্শকক দেখুৱায়। দেশত টিক-টক বন্ধ হোৱাৰ পূৰ্বেই মডেল গৰাকীয়ে টিক-টিক প্ৰত্যাহাৰ কৰি অনুৰাগীক জনাইছিল বহু কথা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.