যেতিয়া একোজন দক্ষ অভিনেতা-অভিনেত্ৰীয়ে নৱপ্ৰজন্মৰ ওপৰত বিশ্বাস দেখুৱায় তেওঁলোকৰ সৃষ্টিত সহযোগিতা আগবঢ়াই তেতিয়া সেই সৃষ্টিটো আৰু অধিক উপভোগ্য অথবা গ্ৰহণযোগ্য হৈ ওলাই আহে। সম্প্ৰতি সময়ত আমি এনে বহু উদাহৰণ দেখিছো; য’ত একাংশ যশস্বী অভিনেতা-অভিনেত্ৰী তথা সংগীত শিল্পীয়ে নৱপ্ৰজন্মৰ সৈতে জড়িত হৈ জনসাধাৰণক আমোদ প্ৰদান কৰিছে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “নিমিলা অংক” শীৰ্ষক চুটি ছবিখনৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে; ছবিখনৰ বিষয়বস্তু আৰু পৰিচালনাৰ সমান্তৰালকৈ ইয়াত অভিনীত জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীৰ অভিনয়ে চুটি ছবিখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছিল। এই চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা নিবিড় আকাশ বৰুৱাৰ কামৰো যথেষ্ট প্ৰশংসা কৰা হৈছিল। তেওঁ কেৱল মাত্ৰ পৰিচালনা বুলিয়েই নহয়; এখন ছবিৰ কেতবোৰ উল্লেখনীয় দিশৰ সৈতেও জড়িত। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক পৰিচালনাৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “সেয়া আছিল ২০১২ চনৰ কথা; স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ বাবে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ বিভাগত নাম ভৰ্তি কৰোঁ আৰু আচলতে তেতিয়াৰ পৰাই মই এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰো।”
তেওঁ আগলৈ কয় যে “তাত পঢ়ি থকা অৱস্থাতে মই কেইবাখনো ছুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিলো; সঁচা কথা ক’বলৈ গ’লে এইকাম কৰি ভালপোৱাৰ সমান্তৰালকৈ এই কাম উপভোগো কৰোঁ। মই পৰিচালনা আৰু চিত্ৰনাট্য লিখা এই দুয়োটা কাম কৰোঁ যদিও লিখা কামটো কৰি বেছি ভালপাওঁ। ২০১৭ চনত মই একক ভাৱে এখন ছুটি ছবি ” এটা কবিতাৰ অন্তৰালত” নিৰ্মাণ কৰি উলিয়াইছিলো; চুটি ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰা পিছতেই মই চলিত বৰ্ষত মুক্তি দিছিলো মোৰ আন এখন ছুটি ছবি হ’ল “নিমিলা অংক”। এই চুটি ছবিখনেও বৰ্তমানলৈ দৰ্শকৰ যথেষ্ট মৰম-আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, আন এখন “জীৱনৰ সন্ধানত” শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সৈতে মই চিত্ৰনাট্যকাৰ ৰূপে জড়িত হৈ আছো; এই ছবিত অসমৰ তিনিগৰাকী যশস্বী তথা প্ৰতিষ্ঠিত অসমীয়া অভিনেত্ৰী ক্ৰমে মলয়া গোস্বামী, মৃদুলা বৰুৱা আৰু মাধুৰীমা চৌধুৰীয়ে অভিনয় কৰিছে। ছবিখন সম্পূৰ্ণ হৈছে যদিও বৰ্তমান পৰিস্থিতিৰ বাবে মুক্তি দিব পৰা নাই।”

এখন ছবি নিৰ্মাণ কিমান সহজ অথবা কিমান টান বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আচলতে এখন ছবি নিৰ্মাণত যথেষ্ট লোকৰ অৱদান থাকে। কাহিনী লিখাৰ পৰা আৰম্ভ কৰি ইয়াৰ কাৰিকৰী দিশটোলৈ যদি চাবলৈ যাওঁ তেনেহ’লে এখন ছবি নিৰ্মাণত যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু কষ্টও সন্নিৱিষ্ট হৈ থাকে। কিন্তু, আমাৰ ওচৰত এনেও উদাহৰণ আছে; যেনে ধৰক আমি যদি ক্ৰিষ্টোফাৰ নলেনৰ কথা কওঁ তেনেহ’লে তেওঁ নিজৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি “ফলইং” খন সীমাবদ্ধতাৰে নিৰ্মাণ কৰি উলিয়াইছিল। আনহাতে, অসমৰ ৰীমা দাসেও তেওঁৰ দুইখন ছবি নিৰ্মাণত একেবাৰে কম সা-সঁজুলি প্ৰয়োগ কৰি হ’লেও দুইখন ছবিকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে। গতিকে, এনেকৈও ক’ব পৰা যায় যে যদি কোনো ব্যক্তি দৃঢ় হয় তেনেহ’লে কোনো কামেই টান নহয়।

নিবিড়ৰ পৰা তেওঁৰ মতামতনুসৰি শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “প্ৰতিজন লোকৰে শিল্পী সত্ত্বা থাকে। তাৰ প্ৰকাশ বিভিন্ন দিশত ঘটিব পাৰে।যিটো কাম কৰি তাৰ মাজত থকা শিল্পৰ বৰ্হি প্ৰকাশ ঘটাব পাৰে, ভাৱ উদ্ৰেক কৰি মানুহৰ মনত ঠাই ল’ব পাৰে সেয়াই হ’ল শিল্প।”
Add comment