Rupaliparda.com
" Jibon Unplugged; য'ত বৰ্তমান দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈও পাব"- অনুপ্ৰাস দাস 1

” Jibon Unplugged; য’ত বৰ্তমান দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈও পাব”- অনুপ্ৰাস দাস

Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজ “Jibon Unplugged”; ইতিমধ্যে চিৰিজখনৰ মুক্তিপ্ৰাপ্ত দুইটা খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। বাস্তৱমুখী হোৱা বাবেই হয়টো উক্ত ৱেব চিৰিজখনৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰে দৰ্শকে। খুব কম সময়ৰ ভিতৰতে দৰ্শকে সংযোগ কৰিব পৰা বিধৰ একোটা বিষয়বস্তু উপস্থাপনত চিৰিজখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী যে সফল হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। “Jibon Unplugged” ৰ খণ্ডসমূহৰ পৰিচালনাৰ দায়িত্বত থকা ব্যক্তিগৰাকীৰ নাম হৈছে অনুপ্ৰাস দাস। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰত যেতিয়া তেওঁক উক্ত চিৰিজখনৰ জনপ্ৰিয়তাক লৈ প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “Jibon Unplugged” নামৰ এই চিৰিজখনত আচলতে জনসাধাৰণৰ আৱেগ অনুভূতি আৰু ইজনৰ আনজনৰ সৈতে থকা সম্পৰ্কৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। এই সম্পৰ্ক মাক-দেউতাক, দেউতাক-জীয়েকৰ অথবা স্বা-স্ত্ৰীৰ, বন্ধুৰ লগতে প্ৰেমিকদ্বয়ৰ মাজৰ যিকোনো সম্পৰ্কই হ’ব পাৰে। এই সম্পৰ্কবোৰৰ গভীৰতাৰ সমান্তৰালকৈ কিছুমান ক্ষণ; য’ত প্ৰত্যেকগৰাকী সাধাৰণজনে সংযোগ কৰিব পাৰে আমি তেনে ধৰণৰ কাহিনীক উপস্থাপনৰ চেষ্টা কৰিছো।

" Jibon Unplugged; য'ত বৰ্তমান দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈও পাব"- অনুপ্ৰাস দাস 2


তেওঁ আগলৈ কয় যে, ” আমি বস্তুবোৰ টানকৈ ৰাখি শেষ কৰিব বিচৰা নাছিলো বাবেই ইয়াৰ প্ৰতিটো কাহিনীৰ বিশেষত্ব হৈছে “open ending”। মানে, আমি কাহিনীবোৰৰ শেষ পৰ্যায়টো দৰ্শকৰ মাজত এৰি দিবলৈ বিচাৰিছিলো; তেওঁলোকে নিজ ইচ্ছানুসৰি এই কাহিনীবোৰৰ শেষবোৰ যাতে ভাবি ল’ব পাৰে। মই এইটোও কোৱা নাই যে, এনেধৰণৰ কাহিনীৰ ধাৰা অইন কোনোৱে কৰা নাই কিন্তু এই নতুন ধাৰাটোক যাতে দৰ্শকে আঁকোৱালি লয় আমি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো। আমি কেৱল মাত্ৰ কিছু ক্ষণ অথবা মূহুৰ্ত প্ৰতিফলন কৰাৰ চেষ্টা কৰিছো যিটোত দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈ পাব।” ছবি অথবা চুটি ছবি এখন নিৰ্মাণ কিমান টান সেই বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আচলতে, মইও যিমান কাম কৰি গৈ আছো সিমানেই শিকিও গৈ আছো গতিকে এই বিষয়ত একাষাৰে কিবা এটা মন্তব্য কৰি দিয়াটো মোৰ বাবেও ইমান সহজ নহয় কিন্তু এটা কথা ক’ব বিচাৰিম যে কোনো এজন ব্যক্তি যেতিয়া এই বিষয়ত দৃঢ়প্ৰতিজ্ঞ হৈ পৰে তেতিয়া আচলতে সকলো বস্তুৱেই সহজ হৈ পৰে। বহু ছবিৰ বাজেট আৰু তেওঁলোকৰ প্ৰচাৰৰ কৌশল ধুনীয়া গতিকে বাণিজ্যিকভাৱে সেই সমূহ ছবিয়ে সফলতাক চুমুক দিয়ে কিন্তু বহু এনেও ছবি আছে য’ত এটকা এটা খৰচ নকৰাকৈ এটা উপভোগ্য বিষয়বস্তুৰে ছবিখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে। গতিকে, টান সহজ বুলি নহয় কোনো এটা বস্তু সাৰ্থক হ’বলৈ হ’লে নিষ্ঠা আৰু দৃঢ় প্ৰতিজ্ঞ হোৱাটো দৰকাৰী।

" Jibon Unplugged; য'ত বৰ্তমান দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈও পাব"- অনুপ্ৰাস দাস 3


অনুপ্ৰাস দাসৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলিবলৈ হ’লে আছে বহুখিনি কিন্তু এইখিনিতে অসমীয়াত এষাৰ কথা আছে নহয় যে, “ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি”। গতিকে, বৰ্তমানৰ বাবে এই চিৰিজখনৰ সৈতেই ব্যস্ত হৈ আছো; এইখিনি সাৱলীল ভাৱে প্ৰস্তুত কৰি দৰ্শকাৰ মাজত উলিয়াই দিয়াটোৱে আমাৰ এতিয়াৰ প্ৰধান উদ্দেশ্য। আৰু, আচলতে আমি সাংঘাতিক কৃতজ্ঞ সেইসকল অভিনেতা-অভিনেত্ৰীক লৈও যিসকলে বহু ব্যস্ততাৰ মাজত আহি হ’লেও আমাক সঁহাৰি জনাই আমাৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। লগতে, YouthzKorner ৰ প্ৰতিজন সদস্যৰ নিষ্ঠা; সেই নিষ্ঠাৰ বাবেই আচলতে এই চিৰিজ খন সাৰ্থক হৈছে।

" Jibon Unplugged; য'ত বৰ্তমান দৰ্শকে নিজক বিচাৰি পাইছে অথবা আগলৈও পাব"- অনুপ্ৰাস দাস 4

সমান্তৰালকৈ আমি “Vocal With Local” নামে এক ৱেব চিৰিজ কৰি আছো; য’ত অসমৰ চুকে-কোণে থকা বহু থলুৱা শিল্পীক লগত লৈয়ে আমি কিছুমান পেৰেডি কাহিনী আৰম্ভ কৰিছো। আচলতে, বৰ্তমান সময়ত বহুখিনি এনে বস্তুও আছে যিখিনি হয়টো জনসাধাৰণৰ পাহৰণিৰ গৰ্ভত; গতিকে সেই পূৰণি কিছু স্মৃতি জড়িত বস্তুক ব্যংগাত্মক ধৰণে জনসাধাৰণৰ মাজত উলিয়াই আকৌ এবাৰ চিনাকী কৰাই দিয়াৰ ইচ্ছা কৰিছো। এয়া প্ৰচেষ্টাহে; আৰু আগলৈও আমি আমাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিম! “

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform