সদ্যমুক্তিপ্ৰাপ্ত বিকি কলিতাৰ “নিহাৰিকা” ই লাভ কৰিছে দৰ্শক-শ্ৰোতাৰ সমাদৰ। সংগীত ক্ষেত্ৰখনত নিজ প্ৰতিভাৰে এখোজ দুখোজকৈ আগবাঢ়ি সোমাবলৈ চেষ্টা কৰা বিকি কলিতাৰ এই গীতটোৱেও পূৰ্বৰ প্ৰতিটো গীতৰ দৰেই জনসাধাৰণৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰ, দ্বীপেন বৰুৱা, জয়ন্ত হাজৰিকাৰ প্ৰতিটো সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সংগীত ক্ষেত্ৰখনৰ প্ৰতি বহুল ৰূপত আকৰ্ষিত হোৱা বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰা এই গীতটিয়ে মুক্তিৰ পূৰ্বৰ পৰাই সচেতন মহলত চৰ্চা লাভ কৰিবলৈ সন্মুখীন হৈছে। উক্ত গীতটিৰ কথা প্ৰশান্তৰ লগতে ইয়াত সংগীত পৰিচালনা ৰোহিত সোণাৰ আৰু বিকিৰ। লগতে, ইয়াত সংগীত দিছে হৰ্ষ আৰু মনে; গীতটিৰ শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰা হৈছে Red Av Studio ত পিংকু দাসে।গীতটিৰ ভিডিঅ’ পৰিচালনা শিৱম ৰয়ৰ।
গীতটিৰ ভিডিঅ’টিয়েও জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বে সমাপ্ত হোৱা ৰং চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক “দুটি মনৰ জোনাক” ত অভিনীত উপাসনা প্ৰিয়মক দেখিবলৈ পোৱা গৈছিল এই গীতটিত। বহুল টিআৰপি লাভ কৰা এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত উপাসনা প্ৰিয়মৰ অভিনয়ৰ প্ৰশংসাও কৰিছিল প্ৰায় প্ৰতিজন দৰ্শকে। ২০১৭ চনৰ পৰা পেছাগত ভাৱে সংগীত ক্ষেত্ৰখনত সাঙুৰ খোৱা বিকি কলিতা অসমীয়া জনপ্ৰিয় সংগীতশিল্পী দিগন্ত ভাৰতীৰ ছাত্ৰ। প্ৰায় সময়তে নিজৰ সৃষ্টিৰে জনসাধাৰণক উৎসাহী কৰা নৱপ্ৰজন্মই অব্যাহত ৰাখিছে অসমীয়াক গৌৰন্বম্বিত কৰাৰ নিজ প্ৰচেষ্টা।


বিকি কলিতা ব্যক্তিগত ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিউৱাৰচৰ সংখ্যা উল্লেখনীয়।
Add comment