Rupaliparda.com
নৃত্যৰে ভূপেন মামালৈ শ্ৰদ্ধাঞ্জলি তনভী শৰ্মাৰ: 1

নৃত্যৰে ভূপেন মামালৈ শ্ৰদ্ধাঞ্জলি তনভী শৰ্মাৰ:

আকৌ এবাৰ তনভী শৰ্মাৰ প্ৰতিভা। ড° ভূপেন হাজৰিকালৈ মনত পেলাই অভিনেত্ৰী গৰাকীয়ে নৃত্যৰে শিল্পী গৰাকীলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলি। প্ৰায়ে নিজ নৃত্যৰে সকলোকে অনুৰাগী কৰি তোলা এই অভিনেত্ৰী গৰাকীয়ে ড° ভূপেন হাজৰিকাই সংগীত কৰা এটি চিৰযুগমীয়া তথা জনপ্ৰিয় গীত “বিমূৰ্ত এই ৰাত্ৰি আমাৰ” ত নৃত্য কৰি ড° ভূপেন হাজৰিকালৈ যাঁচিছে তনভীয়ে শ্ৰদ্ধাঞ্জলি। “চিমানা পেৰিয়া” ছবিখনৰ এই গীতটিত কন্ঠদান কৰিছিল আবিদা চুলতানা। বহু পূৰণি গীত হ’লেও এই গীতটিক লৈ বৰ্তমানেও অনুৰাগী উৎসাহিত হৈ থাকে। ভূপেন হাজৰিকাৰ প্ৰায় প্ৰতিটো গীতৰ সমান্তৰালকৈ উক্ত গীতটিৰ জনপ্ৰিয়তাও উল্লেখনীয়। আনহাতে, তনভী শৰ্মাৰ নৃত্যয়ো হৈছে লেখত ল’বলগীয়া। “লক-ডাউন” ৰ মাজতেই তনভীয়ে অনুৰাগীলৈ উদ্দেশ্যি বিভিন্ন ধৰণৰ নৃত্য ভিডিঅ’ শ্বেয়াৰ কৰে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক কথা-বতৰা যোগে তেওঁ নিজেও কৈছিল যে,

https://www.instagram.com/tv/CHVjg_1h-m1/?utm_source=ig_web_copy_link

নৃত্যৰে ভূপেন মামালৈ শ্ৰদ্ধাঞ্জলি তনভী শৰ্মাৰ: 2


“অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.