Rupaliparda.com
এইবাৰ একেলগে স্ক্ৰীণত আমিৰ খান আৰু শ্বাহৰুখ খানঃ 1

এইবাৰ একেলগে স্ক্ৰীণত আমিৰ খান আৰু শ্বাহৰুখ খানঃ

এইবাৰ বলীউডৰ দুই খানক দেখিবলৈ পোৱা যাব এখন ছবিত। বহু প্ৰত্যাশিত এই ছবিখনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি। আহিবলগীয়া ছবি “লাল সিং চড্ডা” ত দেখিবলৈ পোৱা যাব আমিৰ খান আৰু শ্বাহৰুখ খানক। এটি কেমিঅ’ চৰিত্ৰত দেখিবলৈ পোৱা যাব শ্বাহৰুখ খানক; বিগত বহু দিনৰ পৰাই কিং শ্বাহৰুখ খান ডুবাইত আছিল কিন্তু শেহতীয়াকৈ তেওঁ উক্ত ছবিখনৰ শ্বুটিঙৰ বাবে দিল্লীলৈ আহিছে। খবৰনুসৰি, শ্বাহৰুখ খানৰ ছবিখনত থকা চৰিত্ৰটোৰ পৰিচালনা কৰিছে আমিৰ খানে নিজে। উল্লেখ্য যে, অদ্বেত চন্দনৰ দ্বাৰা পৰিচালিত এই ছবিখন চলিত বৰ্ষৰ বৰদিনৰ দিনা অৰ্থাৎ ২৫ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰা কথা আছিল যদিও ক’ৰোণা ভাইৰাছৰ ফলত ইয়াৰ মুক্তিৰ তাৰিখ পিছুৱাই ২০২১ বৰ্ষৰ “বৰদিন” লৈ কৰি দিয়া হৈছে। এই ছবিখন ইংৰাজী “ফৰেষ্ট গাম্প” ৰ হিন্দী ৰিমেক বুলি জানিব পৰা গৈছে।

এইবাৰ একেলগে স্ক্ৰীণত আমিৰ খান আৰু শ্বাহৰুখ খানঃ 2
এইবাৰ একেলগে স্ক্ৰীণত আমিৰ খান আৰু শ্বাহৰুখ খানঃ 3


দুই গৰাকী খানক একেলগে দেখিবলৈ পোৱাৰ কথা জানিবলৈ পাই বৰ্তমান উৎসাহী হৈ পৰিছে দুয়ো গৰাকী অভিনেতাৰ প্ৰায় প্ৰতিজন অনুৰাগী। আন এক উল্লেখনীয় কথা এয়ে যে, আমিৰ খানৰ উক্ত ছবিখনৰ লগতে অক্ষয় কুমাৰৰ ছবি “বচ্চন পাণ্ডে” ৰো মুক্তিৰ তাৰিখ চলিত বৰ্ষৰ বৰদিনৰ দিনাই আছিল; কিন্তু একেটা তাৰিখতে দুই চুপাৰষ্টাৰৰ ছবি মুক্তি লাভ কৰিলে অনুৰাগী সকলো অসুবিধাৰ সন্মুখীন হ’ব বুলি ভাবিয়ে অক্ষয়ে নিজে তেওঁৰ ছবিৰ তাৰিখৰ সাল-সলনি কৰা লৈছিল। অক্ষয়ৰ “বচ্চন পাণ্ডে” মুক্তি লাভ কৰিব অহা বছৰ ২২ জানুৱাৰী তাৰিখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform