কেইবাটাও গীতেৰে জনসাধাৰণৰ মাজত চিনাকী লাভ কৰা এগৰাকী কন্ঠশিল্পী হৈছে দেৱাগীৎজ। কৈছোৱে নহয়; অসমৰ চুকে- কোণে বৰ্তমান বহু প্ৰতিভাই নিজ প্ৰতিভা প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে। কেনেবাকৈ হ’লেও জনসাধাৰণৰ মনত অকণমান ঠাই বনাবলৈ তেওঁলোকে সাধনা কৰা ইতিমধ্যে আমি সকলোৱে দেখি আহিছো। দেৱাগীৎজো হৈছে তেনে এজন নৱপ্ৰজন্মৰ মাজৰ কন্ঠশিল্পী; যাৰ কন্ঠই চৰ্চা লাভ নকৰিলেও তেওঁ নিজ সাধনাৰে এই ক্ষেত্ৰখনত বৰ্তি থকাৰ চেষ্টা কৰিছে। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে এই গৰাকী কন্ঠশিল্পীৰ সৈতে আমি পাতিছিলো কিছু কথা। সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সময়ে মোক সংগীতলৈ আনিছে। গায়ক হোৱাৰ আগত প্ৰথমে মই এজন শ্ৰোতা। মোৰ সপোন ক্ৰিকেটাৰ হোৱাৰ আছিল কিন্তু সংগীতৰ সুৰে কেতিয়া মোক ক্ৰিকেটাৰ হোৱাৰ সেই সপোনৰ পৰা আনি গানৰ পথাৰত নমালে সেইটো ঠিক মনত নাই। তথাপি, আনুষ্ঠানিক সংগীতৰ শিক্ষা মই ২০১৬ চনত আৰম্ভ কৰিছিলোঁ; কিন্তু নিজৰ উপাৰ্জন নথকাৰ বাবে সেয়াও সম্পূৰ্ণ কৰা ন’হল। ঘৰত বিচাৰিবলৈ ভাল লগা নাছিল বাবেই নিজেই যেনেকৈ পাৰোঁ দেখি শুনি সাধনা কৰি থাকিলোঁ। কেৱল ইচ্ছা এইটোৱেই যে, উশাহৰ অন্তিম অৱস্থালৈ শিকিব বিচাৰোঁ।”
দেৱাগীৎজৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “সততাৰ পৃথিৱীয়েই শিল্পীৰ পৰিচয়। শিল্পী” হ’বলৈ প্ৰথমে মনটো ডাঙৰ হ’ব লাগিব; আত্মকেন্দ্ৰিক হ’লে নহ’ব। মোৰ মতে, “শিল্পী” সেইজনেই হয় যাৰ প্ৰতিটো কৰ্মৰ লগতে প্ৰতিটো চিন্তাত শিল্পৰ আভাস পোৱা যায়। সংগীত, নৃত্য বা অভিনয় কৰিলেই শিল্পী নহয়; শিল্পীৰ কোনো নিৰ্দিষ্ট ক্ষেত্ৰ নাই। শ্ৰীমন্ত শংকৰদেৱ, জ্যোতি-বিষ্ণু, ছেক্সপীয়েৰ, আইনষ্টাইন, লিঅ’নাৰ্ড, এপিজে আব্দুল কালাম, চন্দ্ৰপ্ৰভা শইকীয়ানী, সুনীতা উইলিয়াম নাইবা আমাৰ পথাৰত প্ৰখৰ ৰ’দৰ দুপৰীয়াত হাৰভঙা কষ্টৰে খেতি কৰা খেতিয়ক জনেই নহওঁক কিয়! প্ৰতিটো কামত তথা প্ৰতিটো বৃত্তিত শিল্পী আছে। ভগৱানো এজন অদৃশ্য শিল্পী আৰু প্ৰকৃতি তেওঁৰ শিল্প।”
তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “নিৰ্দিষ্ট পৰিকল্পনা বুলিবলৈ তেনে একো নাই; গান সদায়েই গাই যাম। বৰ্তমান মোৰ নিজৰ দুই এটা গানৰ কাম সম্পূৰ্ণ হ’বলৈ বাকী আছে আৰু লগতে Gribes Music Assamৰ প্ৰযোজনাত বহু কেইটা গানত কন্ঠদান কৰাৰ সুবিধা পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। অতি সোনকালে ৰাইজে শুনিবলৈ পোৱাৰ সমান্তৰালকৈ গীতসমূহক আদৰি ল’ব বুলি মোৰ বিশ্বাস আছে। সংগীতৰ লগতে আন বহুত পৰিকল্পনাও আছে সময়ে সময়ে সকলো জনাই যাম। শিল্পৰ সাধনা কৰাটোৱেই মোৰ প্ৰধান লক্ষ্য; বৰ্তমান মই একো বিশেষ হোৱা নাই। তথাপি সমাজখনত বহু কিবা কিবি পৰিৱৰ্তন অনাৰ হেপাঁহ আছে কাৰণ সংগীতে সমাজত বহুত পৰিবৰ্তন আনিব পাৰে। গতিকে, যিমান পাৰোঁ কষ্ট কৰিম। ৰাইজৰ আশীৰ্বাদ সদায় কামনা কৰোঁ; জয় মনুষ্যত্ব।”
Add comment