শেহতীয়াকৈ এটা নতুন যুঁটিৰ অভিনয়েৰে জনপ্ৰিয় হৈ উঠা এটি গীত হৈছে “কলিজাৰে তুমি”। সকলো সম্পৰ্কৰ ভিতৰত “বন্ধুত্ব” নামৰ সম্পৰ্কটো হেনো স্বাৰ্থহীন; য’ত ইজনে আনজনক স্বাৰ্থহীন ভাৱেই মৰম-আদৰ কৰে। ইয়াৰ গভীৰতাই আচলতে প্ৰতিজনকে আপ্লুত কৰে; পৃথিৱীত হয়টো এনে কোনো লোক নাই যিয়ে এবাৰলৈ হ’লেও এই গভীৰতাক আলিংগন কৰা নাই অথবা ইয়াত চুমুক দিয়া নাই। “বন্ধুত্ব” ক লৈ অসমীয়াত বহুত ন-ন প্ৰকল্পৰ সৃষ্টি হৈছে; গীত, ছবি, চুটি ছবি আদিত সন্নিৱিষ্ট “বন্ধুত্ব” ৰ সংজ্ঞাটোৱে ইতিমধ্যে ভিন্ন ধৰণৰ নতুন সোঁৱাদ প্ৰদান কৰাত সফল হৈছে। উক্ত নতুনকৈ মুক্তিপ্ৰাপ্ত গীত “কলিজাৰে তুমি” তো কন্ঠৰ মধুৰতাৰ সমান্তৰালকৈ ভিডিঅ’টোত দেখিবলৈ পোৱা তিনিগৰাকী বন্ধুৰ বুজা-বুজি। আমি পূৰ্বেও কয় আহিছো যে একোটা গীতত বৰ্তমান এনে এক কাহিনী সংযোগ কৰা হয় যাৰ দ্বাৰা গীতটিৰ উপভোগ্যতা অধিক হৈ পৰে। সুকন্যা বৰুৱা, দীপজ্যোতি মহন্ত আৰু ৰিতুমণি বৰদলৈৰ অভিনয়ে গীতটিৰ ভিডিঅ’টো আৰু অধিক সুন্দৰ কৰি তুলিছে।
গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে ৰিতুমণি বৰদলৈয়ে। মৃত্যুঞ্জয় কাকতিৰ কথাৰে গীতটিত সংগীত পল্লৱ তালুকদাৰৰ; শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। সম্প্ৰতি সময়ৰ জনপ্ৰিয় লগতে দৰ্শকে মনে বিচৰা অভিনেত্ৰীৰ মাজৰ এগৰাকী হৈছে সুকন্যা বৰুৱা; তেওঁৰ অভিনয়ৰ লগতে নৃত্যৰ দিশত থকা প্ৰতিভাই আচলতে তেওঁক আৰু এখোজ জনসাধাৰণৰ কাষ চপাত সহায় কৰিছে। “তোমাৰ উশাহতে” তথা “তুমি আহিলে” শীৰ্ষক গীত দুটিৰে নিজ অভিনয় জীৱনৰ পাতনি মেলা দীপজ্যোতিয়ে এই ক্ষেত্ৰখনত সাঙুৰ খাবলৈ কৰা প্ৰয়াসবোৰ নুই কৰিব নোৱাৰি। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “জানমণি” ছবিখনটো দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক।


মুক্তিৰ পিছতেই অতি কম সময়ৰ ভিতৰত গীতটিয়ে জনসাধাৰণৰ পৰা লাভ কৰা সহাঁৰিৰ সংখ্যা ইউটিউবত দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া সময়ত আকৌ ৰিতুমণিৰ কন্ঠক লৈ অপেক্ষাৰত শ্ৰোতা।
Add comment