চলিত বৰ্ষত ইজন সিজনকৈ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত কেইবাগৰাকীও লোকৰ দেহাৱসান ঘটিছে। বলীউড ক্ষেত্ৰখনে যেনেদৰে একোজনকৈ সুদক্ষ লোক হেৰুৱাইছে ঠিক তেনেদৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো বিভিন্ন জন দক্ষ লোকৰ মৃত্যুৰ বাতৰিয়ে শোকাহত কৰিছে সকলোকে। যোৱা ৯ নৱেম্বৰ তাৰিখে অসমীয়া যশস্বী পৰিচালক, নাট্যকাৰ তথা ঔপন্যাসিক জীৱন বৰাৰ দেহাৱসান ঘটে। লখিমপুৰৰ ঠাকুৰবাৰী ৰোডৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰাৰ । ১৯৩৩ চনত জন্মগ্ৰহণ কৰা জীৱন বৰাই চিনাকী লাভ কৰিছিল অসমীয়া “ওপজা সোণৰ মাটি” শীৰ্ষক ছবিখনৰ পৰা। নিজ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বত আছিল ড° ভূপেন হাজৰিকা। অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত জীৱন বৰাই ৰচনা কৰা প্ৰথম একাংক নাট খন আছিল “বটল” । বিশ্ববিদ্যালয়খনত শিল্পী গৰাকীয়ে একাধাৰে শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ বিহুৱা আৰু শ্ৰেষ্ঠ আবৃত্তিকাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

ভাৰতীয় গণ নাট্য সংঘৰ ৰাজ্যিক সভাপতিৰ লগতে “লখিমপুৰ চিনে আছা” ৰ সভাপতি আৰু লখিমপুৰ সত্ৰীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ উপৰিও তেওঁ কৃষি বিভাগৰ মহকুমা বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা পিছতো সাহিত্য তথা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তেওঁৰ মৃত্যুৰ বাতৰিয়ে এতিয়া প্ৰতিজন অসমীয়াৰ হৃদয়ত শোঁকৰ বন্যা বোৱাইছে। কথাছবি আৰু নাটক সমূহত নতুন চিন্তাৰ উন্মেষ ঘটোৱা জীৱন বৰালৈ ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শ্ৰদ্ধাঞ্জলি।
Add comment