Rupaliparda.com
জন্মদিনৰ দিনাই জুবিন গাৰ্গে মুকলি কৰিব "উভতি চোৱা"- 1

জন্মদিনৰ দিনাই জুবিন গাৰ্গে মুকলি কৰিব “উভতি চোৱা”-

আকৌ জুবিন গাৰ্গ; আকৌ এবাৰ যেন জুবিনে নিজৰ পূৰণি সুন্দৰ সংজ্ঞাৰে আগবাঢ়ি অনুৰাগীৰ মাজত ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তি দিবলৈ সাজু হৈছে। “চিলা” এলবামৰ শীৰ্ষ গীতটিৰ মুক্তিৰ পিছতেই এইবাৰ উক্ত এলবামটোৰে দ্বিতীয়টো গীত “উভতি চোৱা” ৰ বাবে প্ৰস্তুতি চলাইছে কন্ঠশিল্পী গৰাকীয়ে। ব্যক্তিগত ইনষ্টাগ্ৰাম একাউন্টৰ পৰা নিজেই এই কথাৰ খবৰ দিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। একক কন্ঠৰে মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ “চিলা” শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছতেই অনুৰাগীৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিৰ কথাৰ লগতে জুবিনৰ সুন্দৰ কন্ঠই ক্ষন্তেকতে গীতটিক গ্ৰহণযোগ্য কৰি তুলিছিল। উল্লেখ্য যে, আহিবলগীয়া “উভতি চোৱা” শীৰ্ষক এই গীতটি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা ৰাতিপুৱা ১১ বজাত। গীতটিক লৈ এতিয়াৰ পৰাই উৎসাহী হাৰ্টথ্ৰৱ গৰাকীৰ অনুৰাগী।

জন্মদিনৰ দিনাই জুবিন গাৰ্গে মুকলি কৰিব "উভতি চোৱা"- 2


বিধায়ক শ্বেৰমান আলিয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰা পিছতেই শেহতীয়াকৈ সংবাদ মাধ্যমত জুবিন গাৰ্গেও এই বিষয়ত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰায়ে প্ৰতিটো বিষয়ত সক্ৰিয় হৈ মাত মতা হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মিঞা মিউজিয়ামৰ বিষয়টো তাচ্ছিল্য কৰি কয় যে “বাংলাদেশীৰ উৎপাতত এনেই ৰাজ্যবাসী জীয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে তাতেই আকৌ মিঞা মিউজিয়ামৰ কথা আহে ক’ৰ পৰা।” নৱপ্ৰজন্ম তথা ৰাজ্যৰ প্ৰতিটো দিশত নিজ মতামত পূৰ্ণ ৰূপত দাঙি ধৰা জুবিন গাৰ্গৰ মন্তব্যক লৈ আচলতে অপেক্ষাও কৰি ৰয় অনুৰাগীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform