Rupaliparda.com
চকুত কাজল, নাকত নাকফুলি! কি হৈছে মিলিন্দ সুমনৰ? 1

চকুত কাজল, নাকত নাকফুলি! কি হৈছে মিলিন্দ সুমনৰ?

অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি “লক্ষ্মী” য়ে ইতিমধ্যে লাভ কৰিছে মুক্তি। ছবিখনে বহু দিনৰ পৰাই চৰ্চা লাভ কৰাৰ লগতে শেষ পৰ্যায়লৈ গৈ ছবিখনৰ নামো সলনি কৰি দিয়া হৈছিল। ছবিখনত অক্ষয় কুমাৰে তৃতীয় লিংগৰ লোকসকলৰ চৰিত্ৰক প্ৰতিফলন কৰিছিল। ফিল্ম ইণ্ডাষ্ট্ৰীটোৰ ভিতৰত তেওঁৱেই এনে এজন অভিনেতা আছিল যিগৰাকীয়ে এনেধৰণৰ এটা চৰিত্ৰ ৰূপায়ন কৰিছিল। কিন্তু, এতিয়া দেখিবলৈ পোৱা গৈছে যে বলীউড ক্ষেত্ৰখনৰ আন এগৰাকী অভিনেতাও ৰূপায়ন কৰিব তৃতীয় লিংগৰ চৰিত্ৰ। মিলিন্দ সুমন; বিগত কেইবাদিনৰ পৰাই চৰ্চা লাভ কৰি থকা মডেল লগতে অভিনেতা মিলিন্দ সুমনে শেহতীয়াকৈ কৰা এটা টুইটে এই কথা স্পষ্ট কৰিছে যে আহিবলগীয়া সময়ত অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব এটা ব্যতিক্ৰমী চৰিত্ৰত। চকুত কাজল, নাকত নাকফুলিৰ লগতে মুখমণ্ডলত ৰঙা ৰং ঘঁহি অভিনেতাগৰাকীয়ে টুইট কৰা ফটোখনে ইতিমধ্যে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। তেওঁ কয় যে, “যোৱা কেইবাদিনৰ পৰা মুম্বাইৰ সমীপৱৰ্তী এলেকা কৰজাতত কটালো। এতিয়া গৈ আছো চেন্নাইলৈ, জানো এয়া হলীৰ সময় নহয় কিন্তু যেতিয়া আপুনি সুবিধা লাভ কৰে তেতিয়া আপুনি সময় আৰু ঠাইক প্ৰশ্ন নকৰে!”


উল্লেখ্য যে,গোৱাৰ সাগৰৰ পাৰত নগ্ন হৈ দৌৰি থকা অৱস্থাত মিলিন্দ সুমনে আপলোড কৰিছিল এখন ফটো; তেওঁৰ জন্মদিনৰ দিনাই আপলোড কৰা হৈছিল এই ফটোখন। উক্ত ফটোখনে বৰ্তমানেও খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াৰ লগতে সচেতন মহলত। ফটোখনত বহুতে মডেল গৰাকীৰ ফিটনেছৰ প্ৰশংসা কৰিছিল যদিও একাংশই তেওঁৰ এই নগ্নতাৰ ওপৰত প্ৰশ্নৰো উত্থাপন কৰিছিল। তাৰ পিছতেই শেহতীয়াকৈ অহা খবৰনুসৰি, মিলিন্দ সুমনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। ধাৰা ২৯৪ আৰু ৬৭ ত উল্লেখিত অশ্লীল আচৰণৰ বাবে তেওঁৰ বিৰুদ্ধে এই গোচৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform