Rupaliparda.com
তৰালী শৰ্মাৰ কন্ঠৰে ৰহণ সনা গৌৰাংগ কিশোৰৰ গীত "আঘোণৰ সপোন খেদি"- 1

তৰালী শৰ্মাৰ কন্ঠৰে ৰহণ সনা গৌৰাংগ কিশোৰৰ গীত “আঘোণৰ সপোন খেদি”-

তৰালী শৰ্মা বুলিলেই অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে যি কন্ঠ আপোন; যাৰ কন্ঠই ক্ষন্তেকতে মুহিব পাৰে! একোটা কন্ঠই তেতিয়ালৈ জনসাধাৰণক চুব নোৱাৰে যেতিয়ালৈ সেই কন্ঠই শ্ৰোতাৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে; অসমীয়া সংগীত ক্ষেত্ৰখনত তৰালী শৰ্মাৰ নামটো শীৰ্ষত ল’লেও অতিৰঞ্জিত নহ’ব। বৰগীত, চুফীৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো গীতেৰে অনুৰাগীক আকৌ এবাৰ মুহিবলৈ সক্ষম হোৱা এইগৰাকী কন্ঠশিল্পীৰ কন্ঠ আৰু পৰিচালনাৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “আঘোণৰ সপোন খেদি”। এইখিনিতে, এটা কথা ক’বই লাগিব যে সম্প্ৰতি সময়ছোৱাত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ ওপৰত একাংশ প্ৰতিষ্ঠিত শিল্পীয়ে দেখুওৱা বিশ্বাসে এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। নৱপ্ৰজন্মক এওঁলোকে জনোৱা সঁহাৰি, সমাদৰ লগতে তেওঁলোকক কৰা প্ৰশংসা আদিয়ে একোটা সৃষ্টিৰ গুণগত মানদণ্ডৰ বৃদ্ধি কৰাত সহায় কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিতো তৰালী শৰ্মাৰ লগতে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা দেখিবলৈ পোৱা গৈছে। উক্ত গীতটিত কথা দিয়াৰ উপৰিও ইয়াৰ সুৰ তথা গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত থকা এগৰাকী অসমীয়া প্ৰতিভাৰ নাম হৈছে গৌৰাংগ কিশোৰ।


পেছাত এগৰাকী শিক্ষক যদিও মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গৌৰাংগ। জুবিন, নীল আকাশৰ পৰা আদি কৰি বিভিন্ন জন অইন সংগীত শিল্পীৰ গীতত কথা দিয়া গৌৰাংগই ঢোল, পেঁপা, বাঁহী আদি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাব জনাৰ উপৰিও তেওঁ মঞ্চৰ এগৰাকী সুদক্ষ অভিনেতা।আনহাতে, ট্ৰেক কাকুল ভৰালীৰ, তবলা ৰাজা বৰুৱাৰ আৰু বাঁহী বজাইছে প্ৰদীপ ডেকাই। শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰিছে জিন্তু বৰদলৈয়ে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে বিদ্যুৎ বাসু, লক্ষ্মী প্ৰিয়া আৰু প্ৰিন্স অনুৰাগে। এগৰাকী অকলশৰীয়া মাতৃ আৰু তেওঁলোকৰ জীৱনলৈ অহা কিছু সুখানুভূতিৰ আগমনে কেনেদৰে তেওঁলোকৰ জীৱনৰ পাকচক্ৰ সলনি কৰে তাকেই উপস্থাপন কৰা হৈছে “আঘোণৰ সপোন খেদি” শীৰ্ষক এই গীতটিৰ জৰিয়তে।

তৰালী শৰ্মাৰ কন্ঠৰে ৰহণ সনা গৌৰাংগ কিশোৰৰ গীত "আঘোণৰ সপোন খেদি"- 2
তৰালী শৰ্মাৰ কন্ঠৰে ৰহণ সনা গৌৰাংগ কিশোৰৰ গীত "আঘোণৰ সপোন খেদি"- 3


গীতটিৰ লগতে ইয়াৰ ভিডিঅ’ উপস্থাপনৰ ক্ষেত্ৰত সফল হৈছে গৌৰাংগ কিশোৰ। চচিয়েল মিডিয়াত চৰ্চাও লাভ কৰিছে সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিয়ে। নৱপ্ৰজন্মৰ সৃষ্টি আৰু তেওঁলোকৰ অহৰহ প্ৰয়াসে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন উন্নত কৰি তোলাত সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform