Rupaliparda.com
অৱশেষত মুক্তি ইমণ কল্যাণ ডেকাৰ "মোৰ বুকুৰ ফুল"- 1

অৱশেষত মুক্তি ইমণ কল্যাণ ডেকাৰ “মোৰ বুকুৰ ফুল”-

এগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পীৰ আহিবলগীয়া কোনো প্ৰকল্পক লৈ প্ৰায় সকলোবোৰ অনুৰাগীয়ে উৎসাহী হৈ থাকে। নহয়নে বাৰু? কিন্তু পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; সম্প্ৰতি পৰিৱৰ্তন প্ৰায় প্ৰতিটো ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে; অসমীয়া সংগীত ক্ষেত্ৰখনতো হোৱা পৰিৱৰ্তনবোৰো আমি এতিয়া অনুভৱ কৰিবলৈ লৈছো। বৰ্তমান চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চিত গীতটিৰ নাম হৈছে “মোৰ বুকুৰ ফুল”; গীতটিয়ে মুক্তিৰ পূৰ্বেই লাভ কৰা জনপ্ৰিয়তাত অংকুৰিত হৈছিল গীতটিয়ে মুক্তিৰ পিছত পাবলগীয়া সফলতা। মুক্তিৰ পূৰ্বে গীতটিৰ কেৱল মাত্ৰ দুশাৰীয়ে প্ৰায় প্ৰতিজন নৱপ্ৰজন্মৰ মুখত শুনিবলৈ পোৱা গৈছিল; শেহতীয়াকৈ গীতটিৰ মুক্তিত উৎসাহিত হৈ পৰিছে প্ৰায় প্ৰতিজন শ্ৰোতা। মুঠতে, “মোৰ বুকুৰ ফুল” শীৰ্ষক গীতটি আহিবলগীয়া সময়ত যে প্ৰায় প্ৰতিগৰাকী শ্ৰোতাৰ হিট লিষ্টৰ মাজৰ এটা গীত ৰূপে পৰিগণিত হ’ব সেয়া একাষাৰে কৈ দিলেও হয়টো বেছি কোৱা নহ’ব। জনপ্ৰিয় অসমীয়া EDM গীতবোৰৰ মাজৰেই এটা হৈছে উক্ত গীতটি। নৱপ্ৰজন্মৰ গীত আৰু তেওঁলোকৰ সৃষ্টিৰ বাবে অপেক্ষা কৰি ৰোৱা বৃহৎ জনসাধাৰণৰ অংকই সূচনা কৰিছে এতিয়াৰ নতুনত্বৰ।


নিজৰ গীতেৰে শ্ৰোতাৰ মাজত এক অদৃশ্য সংযোগ স্থাপন কৰিবলৈ বিচৰা ইমণ কল্যাণ ডেকাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ বাবেই উৎসাহী হৈ পৰিছিল আচলতে তেওঁ নিজেও। গীতটোত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই। সংগীত তাবৰিডৰ। গীতটিৰ কথা, পৰিচালনা আৰু সম্পাদনা শৰৎ গগৈৰ। দৃশ্যগ্ৰহণ কৰিছে ৰুহুল বৰভূঞাই আৰু গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অংগনা বৰা আৰু ইমণে। প্ৰেম বুলি ক’বলৈ হ’লে ইয়াত প্ৰথম প্ৰেম অথবা দ্বিতীয় বুলি কোনোধৰণৰ সংজ্ঞা নাথাকে। ইয়াত কেৱল নিস্বাৰ্থ ভালপোৱা, আৱেগ আৰু আন্তৰিকতা জড়িত হৈ থাকে; এনে কিছুমান বাৰ্তা লগত লৈয়ে ইমণে প্ৰস্তুত কৰি উলিয়াইছে “মোৰ বুকুৰ ফুল”।

অৱশেষত মুক্তি ইমণ কল্যাণ ডেকাৰ "মোৰ বুকুৰ ফুল"- 2


মুক্তিৰ পূৰ্বেই গীতটিয়ে লাভ কৰা জনপ্ৰিয়তাক দেখি সকলোৱে গীতটিৰ মুক্তিৰ বাবে অপেক্ষা কৰি ৰৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.