Rupaliparda.com
সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ "নিশা নিশা" ৰ জনপ্ৰিয়তাঃ 1

সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ “নিশা নিশা” ৰ জনপ্ৰিয়তাঃ

সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ লগতে একাংশ নৱপ্ৰজন্মৰ যুঁটীয়া প্ৰচেষ্টাৰে শেহতীয়াকৈ মুক্তি লাভ কৰা এটি গীতে পুনৰ বাৰ জনসাধাৰণৰ পৰা লাভ কৰিছে সমাদৰ। কিছু সময়পূৰ্বে মুক্তিপ্ৰাপ্ত “নিশা নিশা” শীৰ্ষক গীতটিক লৈ আকৌ এবাৰ উৎসাহিত হৈ পৰিছে সংগীতপ্ৰেমী। ইয়াৰ পূৰ্বেও “তুমি সুবাস” শীৰ্ষক গীতটিত নিখিল জ্যোতি শৰ্মা আৰু সান্নিধ্য ভূঞাৰ যুঁটীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছিল; য’ত শ্ৰোতাৰ বহুল সঁহাৰি আমিও মন কৰিছো। আগতেও কৈছো, এজন প্ৰতিষ্ঠিত শিল্পীক প্ৰশংসা কৰাৰ লগতে জনসাধাৰণে নৱপ্ৰজন্মৰ প্ৰতি দেখুওৱা আদৰে বৰ্তমান সময়ত তেওঁলোকক আৰু দুগুণ উৎসাহেৰে আগবঢ়াত সহায় কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত “নিশা নিশা” ত কথা হৈছে প্ৰশান্ত দাসৰ আৰু ইয়াত কন্ঠদান কৰিছে নিখিল আৰু সান্নিধ্যই। সংগীত প্ৰযোজনা ত্ৰিদীৱ কাকতিৰ লগতে পৰিচালনা কৰিছে সান্নিধ্য ভূঞাই। শব্দ সংমিশ্ৰণ নিবিড় এক্সৰ।

সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ "নিশা নিশা" ৰ জনপ্ৰিয়তাঃ 2


EDM অৰ্থাৎ সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হোৱা এক ন-মাধ্যম Electronic Dance Music ক জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বহুল ভাৱে হাত হৈছে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ। তথাকথিত একাংশ গীতৰ তুলনাত এওঁলোকৰ এই গীত সমূহৰ সফলতা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। আগন্তুক সময়তো এনে ধৰণৰ গীত সমূহে অসমীয়া সংগীত ক্ষেত্ৰখনক আগুৱাই লৈ যাবলৈ সক্ষম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform