Rupaliparda.com
উপভোগ্য বিষয়বস্তু আৰু সুন্দৰ উপস্থাপন শৈলীৰে "খিৰিকী"- 1

উপভোগ্য বিষয়বস্তু আৰু সুন্দৰ উপস্থাপন শৈলীৰে “খিৰিকী”-

আমি প্ৰত্যেকেই নিজ নিজ জীৱনবোৰত পোহৰৰ সন্ধান কৰো; ৰাতিপুৱাৰ ভাগত যেতিয়া আমি খিৰিকীখন মেলি ফিৰফিৰিয়া বতাহজাকত বিলীন হওঁ তেতিয়া আমি নিজক সুন্দৰ কৰি তোলো। অন্ধকাৰ কাৰো প্ৰাপ্য নহয়; কিন্তু প্ৰায়ে ব্যক্তিবিশেষৰ জীৱনযাত্ৰাত পৰিস্থিতিয়ে সৃষ্টি কৰা উঠা-নমাক আমি আন্ধাৰ-পোহৰৰ খেল বুলি নামকৰণ কৰো। আচলতে, দিন-ৰাতি বোৰত যেনেদৰে “আন্ধাৰ আঁতৰি পোহৰ হয়”; ঠিক তেনেধৰণৰ এটা সংজ্ঞা আমি আমাৰ জীৱনটোত খটুৱাই লওঁ। আমি বহুতেই সুন্দৰ হ’বলৈ ইচ্ছা নকৰো; প্ৰসাধন ব্যৱহাৰ কৰি সস্তীয়া জনপ্ৰিয়তাৰ পিনে দৌৰ দিয়া মানসিকতাও নাৰাখো কিন্তু এইখিনিতে এটা কথা সঁচা যে আমি সুন্দৰ অনুভৱ কৰিবলৈ বিচাৰো আৰু তাৰ বাবেই আমাক অকণমান পোহৰ অথবা অকণমান প্ৰশান্তিৰ প্ৰয়োজনবোধ কৰো। “খিৰিকী”; শেহতীয়াকৈ মুক্তি লাভ কৰা এখন “মিউজিকেল চৰ্ট” য়ে চৰ্চা লাভ কৰিছে সচেতন মহলত। ব্যক্তিবিশেষৰ জীৱনলৈ অহা ঘাত-প্ৰতিঘাতৰ মাজতেই যদি এমোকোৰা হেলাৰঙী পোহৰে আহি দেখা দিয়ে; তাতেই আচলতে ব্যক্তিগৰাকীৰ সুখ অন্তৰ্নিৰ্হিত হৈ থাকে।


উক্ত এক বিষয়বস্তুৰ আধাৰতেই নিৰ্মিত ৫ মিনিট দৈৰ্ঘ্যৰ “খিৰিকী” ক সমাদৰ জনাছে এতিয়া প্ৰত্যেকে। Peerpal Pictures ৰ বেনাৰত নিৰ্মিত “খিৰিকী” শীৰ্ষক চুটি ছবিখনত সন্নিৱিষ্ট একে নামৰ গীতটিত কন্ঠদান কৰিছে নৱপ্ৰজন্মৰ মাজৰ এগৰাকী অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী শংকুৰাজে; তেওঁৰ সৈতে গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। “মিউজিকেল চৰ্ট” খনক দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য কৰি তুলিছে অসমীয়া কেইবাখনো ছবি লগতে ধাৰাবাহিকত অভিনীত নীতালী দাসে। “খিৰিকী” ৰ সংগীত প্ৰযোজনা অম্বৰ দাস আৰু শংকুৰাজ কোঁৱৰৰ। গীতটিত কথা সাগৰ সৌৰভৰ।নীলৰ পৰিচালনাৰে চুটি ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে নীতিশ কাশ্যপ আৰু চিন্ময় ৰয়। সম্পাদনা হীৰক জ্যোতি পাঠকৰ। “খিৰিকী” ৰ পোষ্টাৰ আৰু টাইটেল ডিজাইন কৰিছে অনুৰাধা দুৱাৰাই।

উপভোগ্য বিষয়বস্তু আৰু সুন্দৰ উপস্থাপন শৈলীৰে "খিৰিকী"- 2


একোটা সুন্দৰ বিষয়বস্তু আৰু জনজীৱনৰ সৈতে সংলগ্ন হৈ থকা কিছু কথাই আচলতে একোটা বস্তু অধিক উপভোগ্য কৰি তোলাত সহায় কৰে। “খিৰিকী” য়েও বৰ্তমান তেনেধৰণেই আকৰ্ষণ কৰিছে প্ৰত্যেককে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform