Rupaliparda.com
সোণাৱাল কছাৰীৰ পৰিচয় বাখ্যাৰে ডিম্পী সোণোৱালৰ নতুন গীতঃ 1

সোণাৱাল কছাৰীৰ পৰিচয় বাখ্যাৰে ডিম্পী সোণোৱালৰ নতুন গীতঃ

সোণোৱাল কছাৰীৰ অস্তিত্ব বাখ্যাৰে নিৰ্মাণ হোৱা এটা গানে সম্প্ৰতি দৰ্শক-শ্ৰোতাৰ বহুল ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ডিম্পী সোণোৱালৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা “সোণোৱাল কছাৰীৰ পৰিচয়” শীৰ্ষক গীতটিয়ে বৰ্তমান চচিয়েল মিডিয়াতো লাভ কৰিছে চৰ্চা। সোণোৱাল কছাৰী সকলে নিজকে মহাবীৰ বলীৰজা, প্ৰহ্লাদ, ভগদত্ত, বাণৰজা, নৰকাসুৰ, ভাস্কৰ বৰ্মণ আদিৰ উত্তৰ বুলি কয়। “অসমীয়া জাতিটোৰে এটি মিঠা কণ” বুলি গীতটিত অন্তৰ্ভূক্ত শাৰীটোৱে আচলতে গোটেই জাতিটোৰ এটি সংজ্ঞা দি থৈ গৈছে। ডিম্পীৰ কন্ঠস্বৰে উক্ত গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাৰ সমান্তৰালকৈ গীতটি যোগেৰে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ কথা মৃণাল বৈষ্ণৱৰ লগতে সংগীত পৰিচালনা, প্ৰযোজনা আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে চন্দন দাস। ৰিন্তু চৌধুৰীৰ ভিডিঅ’ পৰিচালনাৰে এই গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে পৰাগ জ্যোতি দাসে। গীতটিৰ ভিডিঅ’ত অভিনয়ো কৰিছে ডিম্পীয়ে লগতে ইয়াৰ সম্পাদনা মানস কাশ্যপৰ।

গীতটিৰ কথাখিনি তলত দি দিয়া হ’লঃ

সো-সোনোৱাল কছাৰী মোৰ সোণোৱালী মন

অসমীয়া জাতিটোৰেই এটি মিঠা কণ

হাগু-লিকাম-ডফলা মিৰি আৰু কছাৰীয়ে কুণ্ডীলৰ পাৰতে

ন-সমাজ গঢ়িলে সোনোৱাল কছাৰীৰে পৰিচয় দিলে

লুইতৰ পাৰৰে মই জনজাতি ছোৱালী

বোৱা-কটা জানো ভালেকৈ এইবেলি ব’হাগত

তই আহিবিনে চেনাই মোৰ

মই দিয়া গাটুং পিন্ধি লৈ ডাঙৰী নদীৰ পাৰতে লগ বিহু মাৰিমে

খ্ৰীং ৰাজাৰ আশীষতে মিলিম দুয়ো গৈ

গজাই গুৰুৰ চৰণতে দুয়ো পৰিম গৈ ঐ

জান ঐ আলি ঢাকি পৰিল’ ঐ

জান ঐ কানকুৰিকা চৰাই ঝাক ঐ

জান ঐ ঐ জান ঐ পথাৰ ঢাকি পৰিল’

পথাৰ ঢাকি পৰিল’ ধান ঐ

জান ঐ সোনোৱাল বিহুতে ঐ

জান ঐ নাচংতে নাচংতে ঐ জান ঐ

ঐ জান ঐ বৈ জাল জুৰুলি বৈ

জাল জুৰুলি ঘাম শেঁৱালী-নেৱালী বুকুৰে উশাহত

কুৰুৱা বতাহে উৰুৱায় ৰিহাখন জাননে

তই হাইদাং গাবলে’ বৰ চৰাইৰ কাহিনী

ক’বলে সিফলক-ইফলক চালোং মই কিবনু তহক দেখোং

মই বাউ লাগি তহৰ কথা ভাবি যে

মহৰ আপাহতে বাউলী মোৰ ৰিঙা ৰিঙা মন

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.