Rupaliparda.com
তনুশ্ৰী দত্তৰ "ট্ৰান্সফ'ৰমেছন"; আঁৰত আছে ডাঙৰ ৰহস্যঃ 1

তনুশ্ৰী দত্তৰ “ট্ৰান্সফ’ৰমেছন”; আঁৰত আছে ডাঙৰ ৰহস্যঃ

অভিনেত্ৰী তনুশ্ৰী দত্ত বিগত বহু সময়ৰ পৰাই ছবি জগত খনৰ পৰা দূৰৈত আছিল। ২০১৮ চনত তেওঁ সেইটো সময়তহে সমুখলৈ আহিছিল যেতিয়া তেওঁ নিজৰ লগত হোৱা যৌন উৎপীড়নৰ কথা ব্যক্ত কৰি চৰ্চা লাভ কৰিছিল। তেওঁ নিজ কথা খুলি কোৱা পিছতে এনে বহু অভিনেত্ৰী অথবা মডেলো সমুখলৈ আহিছিল যিয়ে এই বিষয়ে নিজ মন্তব্য ব্যক্ত কৰে। কিন্তু শেহতীয়াকৈ তনুশ্ৰী দত্ত আন এটা বিষয়লৈহে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছে; ইয়াৰ আঁৰৰ বিষয়টো হৈছে “ট্ৰান্সফ’ৰমেছন”। অভিনেত্ৰী গৰাকীৰ এনে ট্ৰান্সফ’ৰমেছনে বৰ্তমান সকলোকে আচম্বিত কৰাৰ লগতে এনেও উৰা বাতৰি ওলাইছে যে অভিনেত্ৰী গৰাকীক অতি সোনকালেই আকৌ এবাৰ দেখিবলৈ পোৱা যাব ডাঙৰ পৰ্দাত। “ফেট টু ফিট” লৈ যোৱা এই যাত্ৰাক লৈ বহুলোকে অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰাৰ দেখিবলৈ পোৱা যায়। তেওঁ নিজৰ বহুখিনি ফটো ইতিমধ্যে শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়া একাউন্টত।

তনুশ্ৰী দত্তৰ "ট্ৰান্সফ'ৰমেছন"; আঁৰত আছে ডাঙৰ ৰহস্যঃ 2
তনুশ্ৰী দত্তৰ "ট্ৰান্সফ'ৰমেছন"; আঁৰত আছে ডাঙৰ ৰহস্যঃ 3


অভিনেত্ৰী গৰাকীয়ে লিখে যে, “মই নিজ ১৫ কিলো ওজন কমাই দিয়াটোত বহু ডাঙৰ ৰহস্য জড়িত হৈ আছে। বহুতে সুধিছে যে মই উপবাসে থাকি ওজন কমাবলৈ সক্ষম হৈছো নেকি! চচিয়েল মিডিয়াত বহু লোক এইবাবেও চিন্তাত পৰিছে যে মোৰ কি হৈছে! কিয় মই এনেদৰে খীণাইছো! কিন্তু মই আপোনালোকক ক’ব খুজিম যে এয়া মই এদিনতে কৰি পেলোৱা নাই। এয়া কৰিবলৈ মোৰ এবছৰ সময় লাগিছিল; অবিৰত ভাৱে কৰা ব্যায়াম আৰু স্বাস্থ্যকৰ আহাৰে মোক ওজন কমোৱাত সহায় কৰিছিল। মই সপ্তাহৰ এটা দিন ব্ৰতত থাকি বাকী কেইটা দিন জৈৱিক আৰু আয়ূৰ্বেদিক জীৱন যাপন কৰো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.