অসমীয়া অভিনেতা-অভিনেত্ৰী সমূহৰ সমান্তৰালকৈ অসমীয়া গায়ক-গায়িকাসমূহেও মনোৰঞ্জন ক্ষেত্ৰখনত এক প্ৰভাৱ বিস্তাৰ কৰিছে। এই সংগীত ক্ষেত্ৰখনৰে এটি জনপ্ৰিয় নাম হৈছে কুইন হাজৰিকা। লখিমপুৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কম বয়সতে সংগীতৰ কেইবাটাও শাখাক আয়ত্ব কৰাৰ উপৰিও চাৰি বছৰ বয়সতেই তেওঁ মঞ্চত গীত পৰিৱেশন কৰিবলৈ লয়। অসমীয়া ও বঙালী ভাষাৰ কেইবাখনো ছবিত কন্ঠদান কৰা কুইন হাজৰিকাই দূৰদৰ্শন তথা অল ইণ্ডিয়া ৰেডিঅ’ ৰ দ্বাৰা প্ৰযোজিত কেইবাখনো তথ্যচিত্ৰত কন্ঠদান কৰে। প্ৰদ্যুত কুমাৰ ডেকাৰ দ্বাৰা নিৰ্মিত ছবি “সূৰ্য্যাস্ত” ত অভিনয়ৰ বাবেও কন্ঠশিল্পী গৰাকীয় সুযোগ লাভ কৰিছিল।



অন্তৰা নন্দী, জিম অংকন ডেকা আৰু ঋত্বিক ভট্টাচাৰ্য্যৰ সৈতে একেলগে গীত পৰিৱেশন কৰা “Aawaz – speak up against sexual violence” য়ে ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাভ কৰিছিল বহুতো বঁটা। ২০১৩ চনত ৰটাৰী য়ং এছিভাৰ এৱাৰ্ড লাভ কৰা কুইন হাজৰিকাই “মন”, “চুৰেণ চোৰৰ পুতেক”, “স্নেহ বন্ধন”, “আকাশ চুবলৈ মন” ইত্যাদি বহুকেইখন ছবিৰ গীতত কন্ঠদান কৰে।
Add comment