উঠি অহা প্ৰজন্মৰ Zombie, Devil ইত্যাদি নামবোৰৰ মাজত হেৰাই যোৱা কিছুমান ভয় লগা নামক যেন আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ লৈ অনা প্ৰয়াসত ব্যস্ত হৈ পৰিছে এগৰাকী পৰিচালক। তেওঁৰ সৃষ্টিৰ প্ৰতিটো বিষয় ইমানেই বেছি আপোন যে তেওঁৰ বিষয়টোৰ সৈতে ক্ষন্তেকতে সাঙুৰ হৈ পৰে একাংশ দৰ্শক। এয়াই প্ৰথম হয়টো, যাৰ সৃষ্টিত পূৰণি কিছু ভয়লগা নামৰ বিষয়ৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে একোখন চুটি ছবি। নৱপ্ৰজন্মৰ চুটি ছবি পৰিচালক চিন্ময় বাৰ্মাৰ প্ৰচেষ্টাই এতিয়া উৎসাহিত কৰিছে সকলোকে। হয়, ঠিকেই শুনিছে; সকলোকে উৎসাহিত কৰি তোলা কথাষাৰ এইবাবে কোৱা হৈছে কিয়নো তেওঁৰ সৃষ্টি সমূহে কেৱল মাত্ৰ এটা চামক নহয়। আজুৰি আনিছে প্ৰায় প্ৰতিটো চামৰ প্ৰত্যেকজন দৰ্শকক। শেহতীয়াকৈ তেওঁৰ আগন্তুক পৰিকল্পনা চুটি ছবি “যখিনী” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল।


পোষ্টাৰখন বহুল হাৰত শ্বেয়াৰ হোৱাৰ সমান্তৰালকৈ চচিয়েল মিডিয়াত ই চৰ্চাও লাভ কৰিছে। তেওঁৰ প্ৰকল্প সমূহক লৈ সম্প্ৰতি অপেক্ষাৰত জনসাধাৰণ। বৰ্তমান পৰিচালক চিন্ময় ব্যস্ত তেওঁৰ আন এখন চুটি ছবি “ঘোঁৰাপাক” ক লৈ। Crowd Funding ৰ জৰিয়তে কিছু টকা গোট খুওৱাই পৰিচালক গৰাকী ব্যস্ত হৈ পৰিছে “ঘোঁৰাপাক” ৰ পোষ্ট-প্ৰডাকচনত। অহা ডিচেম্বৰ মাহৰ ২০ ৰ পৰা ২৫ তাৰিখৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব চুটি ছবি “ঘোঁৰাপাক”। তাৰ মাজতেই “যখিনী” ৰ পোষ্টাৰ মুক্তিয়ে ইয়াকে স্পষ্ট কৰি তুলিছে যে পৰিচালকগৰাকীয়ে পাহৰণিৰ গৰ্ভলৈ যোৱা কিছু নামক পুনৰ এবাৰ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত পূৰ্ণ প্ৰয়াস কৰিছে।



নলবাৰীস্থিত চিন্ময় বাৰ্মাৰ কনচেপ্টে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, অহা বৰ্ষলৈ অৰ্থাৎ ২০২১ চনত “যখিনী” শীৰ্ষক এই চুটি ছবিখনৰ কৰা হ’ব মুক্তি। মাতৃৰ পৰা মুখে মুখে শুনি অহা কিছু সাধুক লৈয়ে পৰিচালক চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে এই যাত্ৰা। তেওঁৰ এই যাত্ৰা তথা তেওঁৰ এই চেষ্টাত ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অযুত শুভকামনা।
Add comment