উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত পেছাগত ভাৱে খোজ পেলাবলৈ অহা এগৰাকী যুৱকৰ নাম হৈছে চিন্ময় মেধি; অতি সোনকালেই তেওঁৰ কন্ঠৰে মুক্তিপাবলগীয়া গীতটিৰ বাবে অপেক্ষাৰতও বহু শ্ৰোতা-দৰ্শক। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত এইগৰাকী প্ৰতিভাক লৈ আনিছো আপোনালোকৰ মাজলৈ; চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ পৰা তুমি কি বিচাৰা আৰু এই ক্ষেত্ৰখনক তুমি কি দিব বিচাৰা?
চিন্ময় মেধিঃ প্ৰথম কথা,শিল্পী এগৰাকীয়ে সদায় নিজৰ পছন্দৰ ক্ষেত্ৰখনত নিজৰ অনুৰাগীৰ সহাঁৰি আৰু মৰম আশা কৰে। মইও তাৰে ব্যতিক্ৰম নহয়; যিহেতু সংগীতৰ ক্ষেত্ৰখনত মই খোজ পেলাইছোহে মাত্ৰ গতিকে এই প্ৰথম খোজতেই মই মোৰ বন্ধুবৰ্গ,পৰিয়াল তথা এই ক্ষেত্ৰখনৰ অন্যন্য প্ৰতিষ্ঠিত শিল্পী লগতে সুদক্ষ ব্যক্তিসকলৰ পৰা যথেষ্ট উৎসাহ পাইছো। আগলৈও, ঠিক এতিয়াৰ দৰেই মই সকলোৰে পৰা মৰম আৰু আশীৰ্বাদকেই বিচাৰিম। মোৰ কামখিনি চাই যাতে দৰ্শকে মোক আঁকোৱালি ল’ব পাৰে তাৰ চেষ্টা কৰিম।
সংগীত ক্ষেত্ৰখনত কি দিবলৈ বিচাৰো বুলি প্ৰশ্নটি কৰিলেই আচলতে দোমোজাত পৰো; কাৰণ দিবলৈটো বহু কিবা কিবি মন, অসমৰ সংগীত জগতখনক লৈ যি দুই এক অপপ্ৰচাৰ চলে সেই আটাইবোৰ আঁতৰাবলৈ মন তথা অসমবাসীক সদায়েই তেওঁলোকৰ আশা অনুযায়ী নতুন নতুন গান উপহাৰ দিবলৈ মন। যিহেতু সমাজত এক নতুন বিপ্লৱ অনাৰ বাবে মই গানৰ পথটোকে বাছি লৈছো,সেয়ে মই নিশ্চয়কৈ মোৰ গানৰ জৰিয়তে সংগীত জগতত এক আলোড়ন আনিবলৈ বিচাৰিম।

প্ৰশ্নঃ সংগীত তোমাৰ নিচা নে পেচা?
চিন্ময় মেধিঃ নিচা অবিহনে পেছাৰ নিৰ্বাচন কিমান ক্ষতিকাৰক সেয়া চাগে কাৰো অবিদিত নহয়! মোৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়; সংগীত মোৰ সৰুৰে পৰা নিচা আৰু ভৱিষ্যতে মই সংগীতক মোৰ পেছা হিচাপে ল’বলৈ যথেষ্ট আশাবাদী।

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হ’বলৈ তোমাৰ অনুপ্ৰেৰণা কোন?
চিন্ময় মেধিঃ অনুপ্ৰেৰণা বুলি ক’লে পোনপ্ৰথমে মই মোৰ মাৰ নাম ল’ম; কিয়নো তেওঁ মোক শৈশৱৰ পৰাই সংগীতৰ ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ বা কিবা এটা কৰিবলৈ যথেষ্ট অনুপ্ৰেৰণা দি আহিছে আৰু তেওঁৰ আশীৰ্বাদত মই মোৰ জীৱনৰ প্ৰথমটি গান শুভমুক্তি দিবলৈ ওলাইছো। লগতে, এইক্ষেত্ৰত নাম ল’ম মোৰ দাদাৰ; মোৰ দাদা এজন চিকিৎসক হোৱাৰ উপৰিও তেওঁ এগৰাকী সুগায়কো। আৰু, তেওঁক প্ৰায় প্ৰত্যেকজন অসমবাসীয়েই চিনি পায়।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
চিন্ময় মেধিঃ যিহেতু আহিবলগীয়া সময়ত মই সংগীতক মোৰ পেছা হিচাপে ল’ব বিচাৰিছো; গতিকে এই পথৰ যাত্ৰী হয় বহু দূৰলৈ গৈ কিবা এটা কৰাৰ কথাও চিন্তা কৰিছো। পৰিকল্পনা বুলিবলৈ বহু কিবা কিবা আছেই কিন্তু তথাপিও পৰিকল্পনা অনুযায়ী মই অসমৰ বাহিৰত “Sound Engineering” ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিম ভাবিছো।

৫. আগন্তুক সময়ত কোন গৰাকী সংগীত শিল্পীৰ সৈতে কাম কৰিবলৈ মন?
চিন্ময় মেধিঃ আগন্তুক সময়ত মই শ্ৰদ্ধাৰ এ.আৰ.ৰহমান ছাৰৰ সৈতে কাম কৰিবলৈ যথেষ্ট আগ্ৰহী; গানৰ ক্ষেত্ৰত তেওঁক সদায়েই মই আদৰ্শ মানি আহিছো আৰু তেওঁৰ লগতেই মোৰ সফল কেৰিয়াৰৰ আৰম্ভণি কৰিব বিচাৰিম। কিন্তু এ.এৰ ৰহমান ছাৰৰ সৈতে কোনো এটা কামত জড়িত হ’বলৈ হ’লে মোৰ যথেষ্ট পৰিপক্কতা থাকিব থাকিব লাগিব আৰু সেই পৰিপক্কতা মই অসমৰ দিগন্ত ভাৰতী ছাৰৰ লগতে জুবিন গাৰ্গ তথা ইয়াত প্ৰতিষ্ঠিত শিল্পী সকলৰ সৈতে থাকিব শিকিব খুজো।

ৰূপালীপৰ্দাঃ ধন্যবাদ চিন্ময়; তোমাৰ পৰিকল্পনা সমূহৰ বাবে তোমালৈ বহুত শুভকামনা।
চিন্ময় মেধিঃ ধন্যবাদ।
Add comment