অসমীয়া সংগীত ক্ষেত্ৰখনত নতুনৰ জোৱাৰ অনা “অলকানন্দা” গীতটিয়ে প্ৰত্যেকজন সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল; আচলতে মুক্তিৰ দিনটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ গীতটিৰ জনপ্ৰিয়তা সেই একেই হৈ আছে। গীতটিৰ কথা, সুৰ আৰু কন্ঠ ইমানেই অধিক হৃদয়স্পৰ্শী আছিল যে সম্প্ৰতি সময়ছোৱাত উক্ত গীতটিক অনুকৰণ কৰা দেখিবলৈ পোৱা যায়। এতিয়াও গীতটিৰ কভাৰ প্ৰস্তুত কৰি জনসাধাৰণক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে নৱপ্ৰজন্মৰ প্ৰতিভাই। শেহতীয়াকৈ “অলকানন্দ” ৰ কভাৰেৰে শ্ৰোতা-দৰ্শকৰ মুগ্ধ কৰিছে নৱপ্ৰজন্মৰ প্ৰতিভা ৰিতুপম লস্কৰে। কভাৰটোৰ মুক্তিৰ ক্ষন্তেক সময়ৰ পিছতেই ই চচিয়েল মিডিয়াত বহুল হাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হয়। পিতৃ-মাতৃৰ পৰা লাভ কৰা উৎসাহৰ সমান্তৰালকৈ সংগীতৰ প্ৰতি থকা বিশেষ টানে এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ ৰিতুপমক আকৰ্ষিত কৰি তুলিছিল।

সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। ৰিতুপম লস্কৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “তুমি যেন জোনাকী” য়ে ইতিমধ্যে অনুৰাগীৰ শাৰী দীঘলীয়া কৰি তুলিছে।
Add comment