Rupaliparda.com
সংগীত ক্ষেত্ৰখনলৈ নতুনৰ আগমনঃ মৃণাল দাসৰ জন্মদিন- 1

সংগীত ক্ষেত্ৰখনলৈ নতুনৰ আগমনঃ মৃণাল দাসৰ জন্মদিন-

সদ্যমুক্তিপ্ৰাপ্ত কন্ঠশিল্পী দীক্ষু শৰ্মাৰ কন্ঠৰে “আবিৰ” শীৰ্ষক গীতটিৰ সোঁৱাদ আপোনালোকেও নিশ্চয় লৈছে। গীতটিৰ কথা আৰু সুৰৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে সংগীত ক্ষেত্ৰখনত পেলাইছে নতুন খোজ। আহিবলগীয়া সময়ত আন আন বহু নতুন প্ৰকল্পৰ সৈতে এই গৰাকী প্ৰতিভাই কাষ চাপিব আপোনালোকৰ। সংগীত ক্ষেত্ৰখনত সম্প্ৰতি সময়ছোৱাত যথেষ্ট নতুন প্ৰতিভাক দেখিবলৈ পোৱা গৈছে। আচলতে, ক’ৰণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউন” ত একাংশই নিজৰ মাজত থকা প্ৰতিভাক চিনি পাবলৈ আৰু ইয়াক জনসাধাৰণৰ মাজত উলিয়াই অনাৰ বহুল প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছিল। আচলতে, এটা দিশৰ পৰা চাবলৈ গ’লে বৰ ভাল লগা কথা এয়াই যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে নিতৌ নতুন সৃষ্টি আৰু প্ৰতিভাক চাবলৈ পাইছে। সপোন আঁকিবলৈ এচপৰা সাৰুৱা মাটিৰ প্ৰয়োজন হয়। খোলা চকুৰ সপোনক বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে। কেতিয়াবা দিগভ্ৰষ্ট হয় হাৰ মানি লয় একাংশই; আন একাংশই কঠোৰ কষ্ট, সংগ্ৰামৰ মাজেৰে আগবাঢ়ে আহিবলগীয়া সময়লৈ। আমি মনোৰঞ্জন ক্ষেত্ৰখনতো এনে বহু প্ৰতিভাৰ উদাহৰণ দেখিছো; যিয়ে নিজৰ ব্যক্তিগত পেছাৰ সমান্তৰালকৈ মনোনিৱেশ কৰে নিজৰ নিচাটোক লৈও।


সেইবাবে একোজন ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা অইন পেছাৰ ব্যক্তিবিশেষে সুন্দৰ অভিনয় নহ’লে একোটা গীতত সুন্দৰ কন্ঠদান কৰি অনুৰাগীক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। ড° মৃণাল দাস; এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ আজি জন্মদিন আৰু তেওঁৰ জন্মদিন উপলক্ষে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা। পাঠশালাৰ জয়ানগৰ নিৱাসী মৃণাল দাসে কন্ঠশিল্পী নীলোৎপল বৰাৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ বশৱৰ্তী হৈয়ে এই ক্ষেত্ৰখনৰ দিশটোত আগবাঢ়িছিল। আগন্তুক প্ৰকল্প সমূহৰ ভিতৰত কেইটামান প্ৰকল্পৰ নাম হৈছে ক্ৰমে “কুহেলিকা” তথা “তুমি ফাগুন”; উক্ত দুয়োটা প্ৰকল্পৰ সৈতে তেওঁৰ সৈতে থাকিব সংগীত পৰিচালক ত্ৰিয়ন মহন্তও।

সংগীত ক্ষেত্ৰখনলৈ নতুনৰ আগমনঃ মৃণাল দাসৰ জন্মদিন- 2


এই দুয়োটা গীতেই অহা বৰ্ষলৈ অৰ্থাৎ ২০২০ চনৰ প্ৰথম ভাগত লাভ কৰিব মুক্তি। আকৌ এবাৰ মৃণাল দাসক তেওঁৰ জন্মদিনৰ বাবে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform