Rupaliparda.com
"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 1

“এজন প্ৰকৃত শিল্পী হ’বলৈ হ’লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব”- হৰাদ্ৰি দীপা কলিতা

সংগীতৰ সৈতে অনাকাংক্ষিত ভাৱে এনে বহু প্ৰতিভা জড়িত হৈ পৰে যাৰ কন্ঠই অসমীয়া শ্ৰোতা-দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সৰুৰে পৰা ভিন্ন ধৰণৰ গীত উপভোগ কৰি এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱা কন্ঠশিল্পী হৰাদ্ৰি দীপা কলিতাৰ কন্ঠ হয়টো আপোনালোকৰ বাবে নতুন নহয়; শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “তুমি অহাৰ বাটে” শীৰ্ষক গীতটিতো এই গৰাকী কন্ঠশিল্পীৰ কন্ঠক সমাদৰ জনোৱা দেখিবলৈ পোৱা গৈছিল। সংগীতশিল্পী সমীৰণ মলয়ৰ প্ৰডাকচনত নিৰ্মিত প্ৰথমটো গীততেই তেওঁৰ পত্নী তথা কন্ঠশিল্পী হৰাদ্ৰি দীপাৰ কন্ঠই সঁহাৰি লাভ কৰিছিল জনসাধাৰণৰ। আজি আমি এইগৰাকী কন্ঠশিল্পীকেই লৈ আনিছো আপোনালোৰ মাজলৈ; আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি জানিম হৰাদ্ৰি দীপা কলিতাৰ বিষয়ে কিছু কথা। জানো চোন আহকঃ

https://youtu.be/MCnhn8B8YNY

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

হৰাদ্ৰি দীপাঃ সংগীতৰ লগত মই সৰুৰে পৰাই জড়িত হৈ পৰিছিলোঁ; নজনাকৈয়ে। গান শুনিব পৰা হোৱাৰে পৰাই সংগীতে মোক আকৰ্ষণ কৰিছিল; দেউতাৰ চাকৰিৰ সূত্ৰে মোৰ বাল্যকাল অতিবাহিত হৈছিল অসমৰ বাহিৰৰ বিভিন্ন ঠাইত। সেইবাবেই সৰুতে অধিকাংশ হিন্দী গীতেই শুনিছিলোঁ ৰেডিঅ’ বা টেপ ৰেকৰ্ডাৰত। গীতবোৰ শুনি শুনি আওঁৰাইছিলোঁ; মায়ে শিকাই দিছিল। সেইফালৰ পৰা ক’বলৈ গ’লে মায়েই মোৰ সংগীতৰ আদিগুৰু । ইয়াৰ উপৰিও, সন্ধিয়া প্ৰায়ে ভক্তিগীত বা ভজন শুনি আঁৰতি কৰাৰ দৰে নাচিছিলো। অসমলৈ অহাৰ পিছত বৰগীত, লোকগীত, বিহুনাম, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, দিপালী বৰঠাকুৰ বাইদেউৰ গীতবোৰ শুনিলোঁ । লাহে লাহে গীতবোৰ খুব ভাল লগা হ’ল আৰু শুনি শুনিয়েই গীতবোৰ শিকিলোঁ । স্কুলৰ লগতে বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ল’লোঁ । প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় স্থান পোৱাৰ সমান্তৰাকৈ যেতিয়া সকলোৰে মৰম- উৎসাহ পাওঁ তেতিয়া খুব ভাল লাগে। মোৰ লগত বাদ্য সংগত কৰিছিল শ্ৰদ্ধাৰ বুবুল হালৈ দাদা আৰু মহীধৰ ডেকা দাদাই । লাহে লাহে অন্য কিছুমান অনুষ্ঠানলৈ মোক গান গাবলৈ মাতিলে । তেনেকৈ অনুষ্ঠান কৰোঁতে এদিন গোবিন্দ নাথ ছাৰক লগ পালোঁ আৰু তেওঁৰ কথা মতে মই ওৰাং সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ। সেয়াই মোৰ সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি; ওৰাং সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নন্দ বেনাৰ্জী ছাৰৰ তত্বাৱধানত ভাতখাণ্ডে পাঠ্যক্ৰমৰ অধীনত সংগীতৰ বিশাৰদ লাভ কৰোঁ। তাৰ পিছতে, মই নিৰঞ্জন বায়ন ছাৰৰ ওচৰত বৰগীতৰ প্ৰশিক্ষণ লওঁ তাৰ মাজতে মহীধৰ ডেকা দাদাৰ পৰিচালনাত এটি ভক্তিগীতৰ কেছেটত মোৰ কণ্ঠত দুটা গীত বাণীবদ্ধ কৰা হৈছিল । এটি লোকগীতৰ এলবামতো এটা গীত গাইছিলো; সঙ্গীতৰ ক্ষেত্ৰখনত আগুৱাই যোৱাত মোৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই অৰ্থাৎ মা, দেউতা, দাদা, ভন্টিৰ সহযোগিতা সদায়েই পাই আহিছোঁ । বৰ্তমানেও মোৰ স্বামী সমীৰণ মলয়ৰ সহযোগিতাৰ বাবে মই এই ক্ষেত্ৰখনত অধিক উদ্যমেৰে আগবাঢ়িবলৈ সক্ষম হৈছো । তেওঁ আৰু তেওঁৰ ভাতৃয়ে যিহেতু সংগীতৰ ক্ষেত্ৰখনতে দীৰ্ঘদিন ধৰি কাম কৰি আছে, গতিকে তেওঁলোকৰ পৰা মই প্ৰতিটো সময়তে উৎসাহ আৰু প্ৰেৰণা পাই আহিছোঁ ।

"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 2

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

হৰাদ্ৰি দীপাঃ “শিল্পী” শব্দটোৰ আচলতে যথেষ্ট পৰিসৰ বহল; সাধাৰণতে আমি ভবাৰ দৰে কেৱল গান গোৱা, বজোৱা, নচা বা অভিনয় কৰা জনেই শিল্পী নহয়। শিল্পকৰ্মৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়েই একো একোজন শিল্পী । বাঁহৰ খৰাহি, পাচি, জাকৈ, খালৈ বনোৱা জনো এজন শিল্পী; পূজাৰ চাকি গচকে আদি কৰি দেৱ দেৱীৰ মৃন্ময় মূৰ্তি বনোৱাজনো এজন শিল্পী। সাজসজ্জাৰে আনক সজাই পৰাই তোলাজনো শিল্পী, ৰূপসজ্জাৰে কাৰোবাৰ সৌন্দৰ্য বৰ্দ্ধন কৰাজনো শিল্পী। কিন্তু, এটা কথা ঠিক যে এজন প্ৰকৃত শিল্পী হ’বলৈ হ’লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব; অৰ্থৰ কথা পিছতহে আহে। আচলতে, এজন প্ৰকৃত শিল্পীয়ে অৰ্থৰ বাবে শিল্পকৰ্ম নকৰে, তেওঁৰ শিল্পকৰ্মৰ বাবদহে মাননি লয়। সেয়াই তেওঁৰ জীৱিকা হৈ পৰে; সেইকথাটো সকলোৱে বুজা উচিত । শিল্পী হ’বলৈ হ’লে যথেষ্ট কষ্ট আৰু ত্যাগ কৰিব পাৰিব লাগিব; সেয়েহে হয়তো শিল্পী হোৱাটো ইমান সহজো নহয় । আজিকালি বহুতৰে মূল লক্ষ্য গ্লেমাৰ; একাগ্ৰতা আৰু শ্ৰদ্ধাৰে গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কাম কৰি গ’লে এদিন সফলতা লাভ কৰাটো নিশ্চিত।

"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 3

প্ৰশ্নঃ এটা গীতৰ সফলতা/বিফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি আপুনি ভাবে?

হৰাদ্ৰি দীপাঃ আজিৰ তাৰিখত সংগীতৰ ক্ষেত্ৰখনত সফলতাৰ অর্থ বেলেগ বেলেগ; বহুতৰ বাবে হিট গান মানেই সফলতা। কিন্তু মই অলপ বেলেগ ধৰণে ভাবো; এতিয়া ধৰক আমি গীত এটা কৰিছোঁ। গীতটোত কথা, সুৰ, সংগীত, গায়কী, শব্দ সংমিশ্ৰণ তথা আন আন কাৰিকৰী দিশসমূহ নিখুঁত হোৱাটো বিচাৰো। যদি বিচৰা মতে সকলো হৈছে, তেন্তে সেইটো গীত আমাৰ বাবে সফল। আনহাতে, আমাৰ শ্ৰোতাই যদি গীত শুনি অনুভৱ কৰিব পৰিছে; যদি গীতটোৱে শ্ৰোতাৰ অন্তৰ চুব পাৰিছে তেতিয়া সেইয়া আমাৰ বাবে সফলতা। আজিকালি দেখা যায় যে সফলতাৰ মাপকাঠি হৈছে ইউটিউবৰ ভিউচ। সেইয়া অন্য এক সফলতা যদিয়ো তাতো ধনাত্মক-ঋণাত্মক দুয়োটা কথাই আহি পৰে । এতিয়া ধৰক এক বাৰ্তাবাহক সাৱলীল শব্দ গাথঁনিৰে, সুৱদী সুৰেৰে, উন্নত মানদণ্ডৰ সংগীত ব্যৱস্থাপনাৰে তথা সুন্দৰ গায়কীৰে এটি গীত মুক্তি পালে । তাত যদি ভিউচ বেছি হয়, শিল্পী তথা প্ৰযোজক গোষ্ঠীৰ বাবে সেইয়া এক প্ৰকাৰ সফলতা; সেই সফলতা এক ভাল লক্ষণ। কিয়নো ইয়াৰ পৰা তেওঁলোকে আৰু এটা কাম কৰিবলৈ সাহস কৰিব পাৰিব বা আৰ্থিক ভাৱেও কিছু লাভম্বিত হ’ব । অৱশ্যে সেইটো খুব কমেইহে দেখা যায়; আনহাতে লাগবান্ধ নোহোৱা কথা, যোৰা টাপলি মৰা সুৰ, বেসুৰা গায়কী, আৰু নিম্ন মানদণ্ডৰ সংগীত ব্যৱস্থাপনাৰে এটি গীত মুক্তি পালে । সেই গীতটোৰ বিষয়ে যেতিয়া ঋণাত্মক চৰ্চা হব, তেতিয়াও কিন্তু শ্ৰোতাই ‘কি কৰিছে শুনোচোন’ বুলিয়েই গীতটো শুনিব । ফলত গীতটোৰ ভিউচ বাঢ়িব । কিন্তু সেইয়া জানো সফলতা ? গতিকে মই ভাবো গুণগত মানদণ্ডৰে ভাল গান এটাই যেতিয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰোতাৰ মন জিনিব পাৰিব সেয়াহে আচলতে সফলতা । সেয়া লগা হ’লে লোকসংগীত, আধুনিক গীত, ধ্ৰুপদী সংগীত, পাশ্চাত্য সংগীত, হিপ হপ, জেজ, ব্লুজ অথবা যিহেই নহওঁক ।

"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 4

প্ৰশ্নঃ আহিবলগীয়া সময়ত কোন গৰাকী সংগীতশিল্পীৰ সৈতে কাম কৰাৰ ইচ্ছা??

হৰাদ্ৰি দীপাঃ প্ৰত্যেকজন সংগীতত শিল্পীয়েই নিজৰ নিজৰ ঠাইত সুন্দৰ সুন্দৰ কাম কৰি আছে । সকলোৱে কষ্ট কৰিছে; তেখেতেসকলক মই শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, সন্মান কৰোঁ । গতিকে কাম কৰিবলৈ হ’লে মই কৰিম। মাত্ৰ গীতটো মোৰ ভাল লাগিলেই হ’ল। তথাপিও মোৰ কাম কৰা ইচ্ছা আছে মোৰ অন্যতম প্রিয় শিল্পী জুবিন গাৰ্গ আৰু ৰূপম ভূঞা দাদাৰ লগত । আনহাতে, এগৰাকী খ্যাতনামা সংগীতজ্ঞ ৰূপম শৰ্মা দাদা আৰু বিশিষ্ট সংগীত ব্যৱস্থাপক মানস জ্যোতি বৰা (বুবুদাৰ) লগতো কাম কৰাৰ এক ইচ্ছা মোৰ আছে ।

"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 5

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

হৰাদ্ৰি দীপাঃ বৰ্তমান আৰু কেইটিমান গীতত কাম কৰি আছোঁ; ইতিমধ্যে সমীৰণ মলয়ৰ প্ৰযোজনাত কাম সম্পূৰ্ণ হৈ মুক্তিৰ অপেক্ষাত আছে তুলিকা খনিকৰৰ কথা আৰু মহীধৰ ডেকা দাদাৰ সংগীত ব্যৱস্থাপনাৰে ‘নীলিম আকাশ’ শীৰ্ষক এটি সুন্দৰ গীত। তদুপৰি অহা ২০ ডিচেম্বৰত মুক্তি পাব সমীৰণ মলয়ৰ কথা, সুৰ, সংগীতেৰে ইতিমধ্যে দৃশ্যগ্ৰহণ হৈ যোৱা ‘মন মৰমী ২০২১’ শীৰ্ষক বিহুগীতটি । আন এটি বিহুগীত ‘জোনাকী ২০২১’ ৰ কামো আৰম্ভ কৰিছোঁ । তদুপৰি ‘চিলমিল টোপনিতে’, ‘ৰাজকুমাৰী’ আৰু ‘ৰজনীগন্ধা’ শীৰ্ষক তিনিটা গীতৰ কামো কৰি আছোঁ । শিকি আছোঁ। ইয়াৰ উপৰিও, পৰিকল্পনা আৰু আছে; শ্ৰোতা ৰাইজৰ আৰ্শীবাদত লাহে লাহে কৰি যাম । ৰাইজে মৰম দিলে সেইয়াই আমাৰ সুখ আৰু সন্তুষ্টি ।

"এজন প্ৰকৃত শিল্পী হ'বলৈ হ'লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব"- হৰাদ্ৰি দীপা কলিতা 6

ৰূপালীপৰ্দাঃ ধন্যবাদ হৰাদ্ৰি দীপা; আপোনাৰ কথাখিনিয়ে অনুৰাগীক নিশ্চয় উৎসাহিত কৰিব। আপোনাৰ প্ৰতিটো প্ৰকল্পৰ বাবে শুভকামনা জনাইছো…

হৰাদ্ৰি দীপাঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform