Rupaliparda.com
"মিষ্টাৰ পাৰফেকচনিষ্ট" আমিৰ খানৰ পুত্ৰ-কন্যা অতিশীঘ্ৰে বলীউডলৈঃ 1

“মিষ্টাৰ পাৰফেকচনিষ্ট” আমিৰ খানৰ পুত্ৰ-কন্যা অতিশীঘ্ৰে বলীউডলৈঃ

“মিষ্টাৰ পাৰফেকচনিষ্ট” খ্যাত আমিৰ খানৰ পুত্ৰ জুনেইদ আহি আছে বলীউড জগতলৈ। য়শ ৰাজ ফিল্মচৰ বেনাৰত আমিৰ খানৰ পুত্ৰই কৰিব ডেবিউ; ছবিখনক লৈ বৰ বিশেষ তথ্য বাহিৰলৈ অহা নাই যদিও জানিব পৰা মতে, জুনেদৰ এই ছবিখনত তেওঁৰ সৈতে অভিনয় কৰিব দক্ষিণৰ অভিনেত্ৰী তথা “অৰ্জ্জুন ৰেড্ডি” ত অভিনীত অভিনেত্ৰী শালিনী পাণ্ডে। শালিনীয়ে য়শ ৰাজ ফিল্মচৰ বেনাৰত তিনিখন ছবি গ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত তেওঁৰ প্ৰথমখন ছবি হৈছে ৰণৱীৰ সিঙৰ সৈতে “জয়েশভাই জোৰদাৰ”। আমিৰ খানৰ পুত্ৰ অথবা জীয়ৰীক লৈ প্ৰায় সকলোবোৰ দৰ্শক উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। জুনেইদৰ আহিবলগীয়া এই ছবিখন এতিয়া কেতিয়ালৈ মুক্তি লাভ কৰিব তাৰ বাবে অপেক্ষাৰত সকলো। আনহাতে, আমিৰ খানৰ জীয়ৰী ইৰা খানে কিছুদিন পূৰ্বে নিজক লৈ কিছু কথা ব্যক্ত কৰিছিল জনসাধাৰণৰ সমুখত। বিগত চাৰি বছৰৰ পৰা মানসিক ৰোগত ভূক্তভোগী বুলি ইৰাই এক চচিয়েল মিডিয়া পোষ্ট যোগে জনাইছিল সকলোকে।

"মিষ্টাৰ পাৰফেকচনিষ্ট" আমিৰ খানৰ পুত্ৰ-কন্যা অতিশীঘ্ৰে বলীউডলৈঃ 2
"মিষ্টাৰ পাৰফেকচনিষ্ট" আমিৰ খানৰ পুত্ৰ-কন্যা অতিশীঘ্ৰে বলীউডলৈঃ 3


অভিনেতা আমিৰ খানৰ পুত্ৰই অভিনয়ত ডেবিউ কৰাৰ সমান্তৰালকৈ তেওঁৰ জীয়ৰী ইৰা খানে বৰ্তমান অভিনয়তকৈা অধিক গুৰুত্ব পৰিচালনাত দিশটোত দিছে আৰু শেহতীয়াকৈ তেওঁ এখন “নাটক” ৰো পৰিচালনা কৰে। ইয়াৰ উপৰিও আমিৰ খানৰ জীয়ৰী ইৰা প্ৰায়ে তেওঁৰ ফটো সমূহৰ বাবেও চৰ্চা লাভ কৰে। য’ত একাংশ নেপোকিডক লৈ কোঁচকাৱাজ বলীউড ক্ষেত্ৰখনত চলি থাকে তাতে একাংশ ইৰা খানৰ দৰেও নেপোকিড আছে যাৰ অভিনয়তকৈ অধিক ইচ্ছা আছে পৰিচালনাৰ দিশটোত। আগন্তুক সময়ত ইৰা খানৰ বলীউড ক্ষেত্ৰখনত কেতিয়ালৈ আগমন ঘটিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform