Rupaliparda.com
আশুতোষ মহাদেৱ ফুকনৰ "জাক হেৰোৱা পখী" ৰ জনপ্ৰিয়তাঃ 1

আশুতোষ মহাদেৱ ফুকনৰ “জাক হেৰোৱা পখী” ৰ জনপ্ৰিয়তাঃ

সম্প্ৰতি সময়ছোৱাত এনে একাংশ নৱপ্ৰজন্ম সমুখলৈ আহিছে; যাৰ দ্বাৰা সৃষ্ট একোটা গীতে সাধাৰণ শ্ৰোতা-দৰ্শককে আৰম্ভ কৰি প্ৰতিষ্ঠিত এগৰাকী সংগীত শিল্পীৰ হৃদয়তো সৃষ্টি কৰে খলকনিৰ। গীতটিক লৈ ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁলোকেও; শেহতীয়াকৈ চচিয়েল মিডিয়াত জনসাধাৰণৰ সঁহাৰি লাভ কৰা গীতটিৰ নাম হৈছে “জাক হেৰোৱা পখী। গীতটিত কন্ঠদান কৰা নৱপ্ৰজন্মৰ কন্ঠশিল্পী গৰাকীৰ নাম হৈছে আশুতোষ মহাদেৱ ফুকন। আমি একাধাৰে বৈ থকা নৈ খনলৈ যেতিয়া চাওঁ, তেতিয়া এনে লাগে যেন ই একে ধ্যানে একেটা বাটে মাথো বৈ গৈ আছে। ঠিক তেনেকুৱা সহজ মানৱ জীৱন বোৰ হয় জানো? আচলতে নহয়, কিয়নো আমি প্ৰায়ে অহৰহ চলি থকা তথা একঘেয়ামী জীৱন যাত্ৰাৰ পৰা যেতিয়া বাহিৰ ওলাই আহিবলৈ চেষ্টা কৰো তেতিয়াই বহু প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ’বলগীয়া হয়। এই প্ৰত্যাহ্বান সমূহত লাভ কৰা অভিজ্ঞতাই আমাক জীৱন জীয়াবলৈ শিকায়, আমাক পৰিচালনা কৰে। বস্তুগত প্ৰাপ্তিৰ পিছত সজোৰে নদৌৰি আমি সন্ধান কৰো বাস্তৱ অথবা প্ৰকৃত বস্তুৰ। পাৰ্থিৱ বস্তুৰ ইচ্ছাৰ পৰা কিছু আঁতৰি আহি আশুতোষ মহাদেৱ ফুকনৰ উক্ত গীতটিয়ে বৰ্তমান লাভ কৰিছে জনপ্ৰিয়তা।


গীতটিত কথা লাতু গগৈ জিন্তুৰ আৰু ইয়াত কন্ঠদান কৰাৰ লগতে পৰিচালনা কৰিছে আশুতোষ মহাদেৱ ফুকনে নিজেই। গীতটিত সংগীত আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে Lateral । গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু সৌৰভ গগৈৰ আৰু আৰ্টৱৰ্ক তথা এনিমেশ্বন সৌৰভ হাজৰিকাৰ। উল্লেখ্য যে, ২০১৮ চনত আশুতোষৰ প্ৰথমটো গীত “নদী” ক মুকলি কৰা হয় আৰু তাৰ পিছতেই চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে শিল্পী গৰাকীয়ে মুকলি কৰে তেওঁৰ আন এটা ৰোমান্টিক গীত “চিঞৰি চিঞৰি”। মুক্তি লাভ কৰা উক্ত দুয়োটি গীত “জাক হেৰুৱা পখী” এই এলবামটোতেই অন্তৰ্ভূক্ত। আনহাতে, আকৌ এবাৰ আন এটি গীত “মই” য়ে কিছুদিন পূৰ্বে দৰ্শকৰ মাজত মুক্তি লাভ কৰিছে।

আশুতোষ মহাদেৱ ফুকনৰ "জাক হেৰোৱা পখী" ৰ জনপ্ৰিয়তাঃ 2


সংগীতৰ ক্ষেত্ৰখনত কৰা এনে আৰম্ভণিক লৈ উৎসাহিত আশুতোষ নিজেও। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াও শেহতীয়াকৈ প্ৰশংসা কৰে আশুতোষৰ এই “জাক হেৰোৱা পখী” শীৰ্ষক নতুন গীতটিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.