Rupaliparda.com
"সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল"- ইদিপ্ত দত্ত 1

“সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল”- ইদিপ্ত দত্ত

মনোৰঞ্জন জগত খনত একোটা বিষয়ৰ কাৰিকৰী দিশটোৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো দিশত অসম তথা হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত সমানেই দপদপাই থকা একোজন অসমীয়াই প্ৰায় প্ৰতিটো মূহুৰ্ততে গৌৰম্বিত কৰে জনসাধাৰণক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা একোজন অসম সন্তানে কৰা কামৰ প্ৰশংসা কেৱল ঘৰুৱা দৰ্শক বুলিয়েই নহয়; ই চাৰিওফালে চৰ্চা লাভ কৰিবলৈ সক্ষম হয়। বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ সৈতে সংগীত তথা চিনেমা ক্ষেত্ৰখনত কাম কৰিবলৈ সুবিধা লাভ কৰা এগৰাকী অসম সন্তান হৈছে ইদিপ্ত দত্ত। হিন্দীৰ লগতে তেওঁ সম্প্ৰতি অসমীয়া সংগীত ক্ষেত্ৰখনক লৈও ব্যস্ত। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰা হয় তেতিয়া তেওঁ উত্তৰত কয় যে, “এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ কথা ক’বলৈ গ’লে ঘৰত পৰিৱেশ এটা সৰুৰে পৰাই পাইছিলো সেয়ে ২০০৯ চনৰ পৰা সম্পূৰ্ণৰূপে এই ক্ষেত্ৰখনৰ লগত জড়িত হ’লো। প্ৰথমে মোৰ চিনাকী এগৰাকী মিউজিচিয়ান ( Percussionist) ৰূপে আছিল যদিও পাছলৈ চাউণ্ডৰ সৈতে মোৰ সম্পৰ্ক বেছি গাঢ় হ’বলৈ ধৰিলে। সেইবাবেই হয়টো মই পোনেৰ পৰা চাউণ্ডৰ বিষয়ত শিক্ষা গ্ৰহণ কৰিবলৈ ঢাপলি মেলিছিলো। ইয়াৰ পিছতে মই মায়ানগৰী মুম্বাইত এজন শব্দযন্ত্ৰী (Sound Engineer)হিচাপে কাম আৰম্ভ কৰিলো।

"সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল"- ইদিপ্ত দত্ত 2
"সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল"- ইদিপ্ত দত্ত 3


তেওঁ আগলৈ কয় যে, “বলীউদৰ জনপ্ৰিয় গায়ক মিক্কা সিং, ৰামজি গুলাটি , শিৱানী কাশ্যপ আদিকে কৰি কেইবাজনো সংগীতশিল্পীৰ সৈতে কাম কৰাৰ সুবিধা পালো, লগতে তেনেকৈয়ে ভাৰতৰ “Regional Film Industry” ৰাজস্থান, উৰিয়া আদিৰ লগত জড়িত হোৱাৰো সুবিধা মই লাভ কৰিলো।” এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ নৱপ্ৰজন্মক কি উপদেশ দিব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “উপদেশ দিবলৈ আচলতে মই বৰ্তমানো নিজকে ইমান যোগ্য বুলি নাভাবো যিহেতু ময়ো নিতৌ কাম শিকি আছো, কৰি আছো। তাতে মই সংগীতৰ কাৰিকৰী দিশতোৰ লগতহে প্ৰধানকৈ জড়িত। তথাপিও, নিজৰ অভিজ্ঞতাৰ পৰা ইমানেই ক’ব পাৰিম যে সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল; জীৱনৰ প্ৰতিটো বস্তুতে সংগীত আছে মাত্ৰ তাক অনুভৱ কৰি সফলতা লাভ কৰিবলৈ সাধনা কৰিব লাগিব। বৰ্তমান চচিয়েল মিডিয়াৰ সময়ত বিষয় এটাৰ জ্ঞান ল’বলৈ সহজ হৈ পৰিছে, সেয়ে প্ৰথমে ক্ষন্তেকীয়া জনপ্ৰিয়তাৰ কথা চিন্তা নকৰি বিষয় এটা ভালদৰে শিকি কাম কৰি যাওঁক, ভাল হ’ব। শুভকামনা সদায়ে আছে আৰু নৱপ্ৰজন্মৰ লগত কাম কৰাৰ বাবে মইও আগ্ৰহী।”

"সংগীত ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বহল"- ইদিপ্ত দত্ত 4


ইদিপ্তৰ সংগীত ক্ষেত্ৰখনক লৈ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা বুলিবলৈ বৰ্তমান মোৰ তিনিচুকীয়াস্থিত ষ্টুডিঅ’ৰ ‘Arunima Media Works’ ৰ পৰা অষ্ট্ৰেলিয়ানৰ এগৰাকী আৰ্টিষ্ট Morrigan Raine আৰু মই মিলি এটা কাম সম্পূৰ্ণ কৰিছো । গীতটিৰ নাম হৈছে “গাবলে দে না”; যিটো ইতিমধ্যে ডিজিটেল প্লেটফৰ্ম” ত মুক্তি পাইছে, আৰু কেইখনমান চুটিছবিৰ কাম কৰি আছো, লগতে কেইটামান খুব সুন্দৰ অসমীয়া গানৰ কামো প্ৰায় সমাপ্ত হৈছে। এইখিনিৰ পাছতেই পুনৰ মই মুম্বাইলৈ উভতি যাম; তাতো কিছুমান আধৰুৱা কাম বাকী আছে যিখিনি সোনকালে শেষ কৰাৰ পৰিকল্পনা কৰিছো।”

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform