Rupaliparda.com
"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 1

“আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি”- গীত প্ৰিয়ম

আহিবলগীয়া দিনত মুক্তিপাবলগীয়া ছবিসমূহৰ ভিতৰৰ এখন হৈছে পৰিচালক বিশ্বজিৎ বৰাৰ “ফেহুঁজালি”। ইতিমধ্যে ছবিখনেও লাভ কৰিছে চৰ্চা লগতে জনসাধাৰণৰ সমাদৰ। ছবিখনত অন্তৰ্ভূক্ত সদ্যমুক্তিপ্ৰাপ্ত এটি গীতত সাধাৰণৰ জনসাধাৰণৰ জীৱনৰ এনে কিছু আশাৰ কথাক বাখ্যা কৰা আছিল যে ই সঁচাকৈ উল্লেখনীয়; হৃদয়স্পৰ্শী উক্ত গীতটিয়ে বাৰুকৈয়ে আপ্লুত কৰিছিল জনসাধাৰণক। গীতটিৰ কথা লগতে সংগীত আছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান গীত প্ৰিয়মৰ। কেৱল মাত্ৰ “ফেহুঁজালি” য়ে নহয়; এইগৰাকী সংগীতশিল্পী আন কেইবাখনো অসমীয়া ছবিৰ লগতে কেইবাখনো ধাৰাবাহিকৰো সংগীতৰ সৈতেও জড়িত। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “অনুৰাধা” ৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা গীত প্ৰিয়মক আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি লৈ আনিছো আপোনালোকৰ মাজলৈ। আহিবলগীয়া সময়তো গীত প্ৰিয়মৰ প্ৰতিভাৰে আন কেইবাটাও প্ৰকল্পৰ সোঁৱাদ লাভ কৰিব অসমীয়া শ্ৰোতা-দৰ্শকে। ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰ বিশেষত তেওঁৰ লগত হোৱা কথোপকথনৰ পৰা জানোচোন আহক তেওঁৰ বিষয়ে কিছু কথাঃ

"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 2

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত?

গীত প্ৰিয়মঃ প্ৰথমতেই ৰূপালী পৰ্দালৈ তথা ৰীমা দত্তলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক আজি এইকণ সুযোগ দিয়া বাবে আৰু এই ছেগতে মই সকলোলৈকে জনাইছোঁ নৱবৰ্ষৰ আন্তৰিক শুভকামনা। সংগীতৰ ক্ষেত্ৰখনৰ সৈতে আচলতে মই সৰুৰেপৰাই জড়িত; সংগীত লগতে চিনেমাৰ মই আজন্ম প্ৰেমিক। তথাপিও, বিশেষকৈ ক’বলৈ গ’লে ২০০৪ চনত মই মোৰ সপোনৰ প্ৰথমটো এলবাম কৰিছিলোঁ; যাৰ নাম আছিল “অশ্ৰু”। এলবামটোৰ দুটা গীতত মই নিজে কণ্ঠদানো কৰিছিলোঁ। পিছলৈ গুৱাহাটী দূৰদৰ্শনৰ বহুকেইখন টেলিফিল্ম, তথ্যচিত্ৰৰ বাবে সংগীত কৰিছোঁ । তাৰ পিছত “দেৱদাৰু”, “মন ভাল লাগে”,”পদক্ষেপ” , “দাক্ষা” আদিকে ধৰি বহুকেইটা এলবামৰ সৈতে জড়িত হৈ আছোঁ যদিও মোৰ এলবামতকৈ চিনেমাৰ সংগীতৰ প্ৰতি হেঁপাহটো অলপ বেছি আছিল। “Jyoti Chitraban Film and Television Institute” ৰ পৰা Sound Engineering ৰ
(শব্দযন্ত্ৰী) কৰাৰ পিছত মই ২০১০ চনত মুম্বাইলৈ যাওঁ।তাৰ পিছতেই, মই চুটি ছবি (চেলুলইড) “পুতলা” ৰ সংগীত কৰিছিলোঁ, য’ত কণ্ঠদান কৰিছিল আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গে। ঠিক তেনেকৈ ২০১৫ চনত মোৰ জীৱনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ৰাকেশ শৰ্মাৰ দ্বাৰা পৰিচালিত তথা লুইত কুমাৰ বৰ্মণৰ প্ৰযোজনাত নিৰ্মিত “অনুৰাধা” ত গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে কাম কৰিবলৈ সুযোগ পাওঁ। এই ছবিখনৰ মই সংগীত কৰা মুঠ ৬ টা গীতত কন্ঠ নিগৰাইছিল ক্ৰমে জুবিন গাৰ্গ, অংগৰাগ মহন্ত,ৰূপম ভূঞা, সৌৰভ মহন্ত ,প্ৰাৰ্থনা গগৈ আৰু অনিতা বি ডেকাই। আনহাতে, এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ পাই সুখী যে মই মুম্বাইত থকোঁতে “Rajdhani Express”, “Saanjh”, ” The Gift আদিকে ধৰি বহুকেইখন বলীউডৰ ছবি, তথ্য চিত্ৰৰ সৈতে জড়িত হ’বলৈ সুবিধা লাভ কৰিছো। ইয়াৰ লগতে, ২০১৭ চনত লুইত কুমাৰ বৰ্মনৰ পৰিচালনাৰে এখন চুটি ছবি “That Toy” ৰ বাবে মই সংগীত কৰিছিলোঁ আৰু এই ছবিখনে অসম চৰকাৰৰ শ্ৰেষ্ঠ চুটি ছবি বঁটা লাভ কৰিছিল । ২০১৫ ত প্ৰাগ চিনে এৱাৰ্ড আৰু ৰাজ্যিক চলচিত্ৰ বঁটাৰ বাবে মই মনোনীত হৈছিলোঁ শ্ৰেষ্ঠ সংগীত পৰিচালক শিতানত । পৰৱৰ্তী সময়ত, “ফেঁহুজালি”(বিশ্বজিৎ বৰা) আৰু “ৰিয়াজ” (মৃগাংক বৰা” আদি অসমীয়া ছবিত সংগীতেৰে জড়িত হৈছো।আনহাতে, ৰং চেনেলৰ কেইবাখনো ধাৰাবাহিকৰ বাবেও গীতৰ ৰচনা ও সংগীত কৰিছোঁ ইয়াৰ ভিতৰত আৰাধনা (কণ্ঠ শিল্পী সুবাসনা দত্ত), ৰাজনন্দিনী(কণ্ঠ শিল্পী গীতুমনি কলিতা) আদি উল্লেখনীয়।

"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 3

প্ৰশ্নঃ “ফেহুঁজালি” ছবিখনৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটিৰ বিষয়ে অকণমান জানিব বিচাৰিম?

গীত প্ৰিয়মঃ পৰিচালক বিশ্বজিৎ বৰাৰ “ফেঁহুজালি” ছবিখন তেওঁৰ এটা সম্পূৰ্ণ ব্যতিক্ৰমী চিন্তা; ছবিখনক লৈ সংগীত পৰিচালনা কৰাৰ লগতে গীতৰ ৰচনা কৰিবলৈ পাই মই যথেষ্ট সুখী। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটিক জীৱনৰ ৰং, হাঁহি, কান্দোন আদিৰে সঁজাবলৈ চেষ্টা কৰিছিলোঁ; ইয়াত কণ্ঠদান কৰিছে জীউ (Zew)। “খঁহি খঁহি আহে” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত গীতটিক ৰাইজে আদৰি লৈ আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ।

"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 4

প্ৰশ্নঃ এটা সংগীতৰ সফলতা/বিফলতা কিহৰ ওপৰত নিৰ্ধাৰণ কৰে?

গীত প্ৰিয়মঃ আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি। সফলতা- বিফলতাৰ কথা তেনেকৈ ক’বলৈ মোৰ অকণমান অসুবিধা হয়। গীতসমূহত বিভিন্ন মুড লৈ বিভিন্ন ৰসৰ সমাহাৰ দেখা পোৱা যায়; তথাপিও এনেকৈ ক’ব পাৰি যে মানুহক একেবাৰে ওচৰৰ পৰা অকণমানকৈ হ’লেও সংযোগ কৰিব পৰাটোতেই লুকাই থাকে চাগৈ এটা গীতৰ সফলতা।

"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 5

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

গীত প্ৰিয়মঃ আগন্তুক প্ৰকল্প বুলি ক’লে বহুদিনীয়া প্ৰস্তুতিৰে এমুঠি গীতৰ কাম কৰি আছোঁ; নতুন ছবিৰ সংগীতৰ বাবে কথা বতৰাও হৈ আছে আৰু ভৱিষ্যতে নিজাকৈ এখন ছবি নিৰ্মাণ কৰাৰো হেঁপাহ পুহি ৰাখিছোঁ। বিগত ২০১৮ চনৰ পৰা মই গুৱাহাটীতে স্থায়ীভাৱে আছোঁ।

"আচলতে সংগীত মানেই সফল; সংগীত মানেই প্ৰাপ্তি"- গীত প্ৰিয়ম 6

ৰূপালীপৰ্দাঃ ধন্যবাদ গীত প্ৰিয়ম। আপোনাৰ সফলতা আকাশলংঘী হোৱাৰ কামনাৰে…

গীত প্ৰিয়মঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform