Rupaliparda.com
ৰিমেকৰ ওপৰত নিৰ্ভৰশীল বৰুণ ধৱনৰ কেৰিয়াৰ! 1

ৰিমেকৰ ওপৰত নিৰ্ভৰশীল বৰুণ ধৱনৰ কেৰিয়াৰ!

বলীউডত ৰিমেকৰ ট্ৰেণ্ডটো অত্যাধিক চলা দেখিবলৈ পোৱা যায়। বহু পূৰণি গানক ৰিমেক কৰি অথবা ইয়াৰ ৰিমিক্স কৰি জনসাধাৰণক পুনৰবাৰলৈ আপ্লুত কৰাৰ চেষ্টা কৰা হয় কিন্তু বলীউডত এনে এগৰাকী অভিনেতা আছে যাৰ ২০১২ চনৰ ডেবিউ ছবিখনৰ পিছতেই তেওঁৰ প্ৰায় প্ৰতিখন ছবিয়েই হৈছে ৰিমেক। কেৱল মাত্ৰ ছবিসমূহেই নহয়; তেওঁ নিজৰ ছবিত সন্নিৱিষ্ট গীতসমূহো হৈছে একো একোটা পূৰণি গীতৰ ৰিমেক অথবা ৰিমিক্স। এই বলীউডৰ অভিনেতা গৰাকীৰ নাম হৈছে বৰুণ ধৱন। “ষ্টুডেন্ট অৱ ডা ইয়েৰ” ৰ পিছত এই অভিনেতা গৰাকীৰ প প্ৰতিখন ছবিত আছে পূৰণি ছবিৰ চাপ। বৰ্তমান এনে লাগিছে যেন এই অভিনেতা গৰাকীৰ কেৰিয়াৰ নিৰ্ভৰশীল হৈ পৰিছে ৰিমেকৰ ওপৰত। আনহাতে, এই অভিনেতা গৰাকীৰ কেৰিয়াৰ তথা তেওঁৰ কমেডীৰ খুঁটিডাল মজবুত কৰিবলৈও পিতৃ ডেবিড ধৱনে নিজ পুত্ৰক সহায় কৰা দেখিবলৈ পোৱা গৈছিল। “জুড়ৱা ২” ৰ দ্বাৰা বৰুণৰ কেৰিয়াৰত গিয়াৰ লগাইছিল তেওঁৰ পিতৃ ডেবিড ধৱনে।

ৰিমেকৰ ওপৰত নিৰ্ভৰশীল বৰুণ ধৱনৰ কেৰিয়াৰ! 2
ৰিমেকৰ ওপৰত নিৰ্ভৰশীল বৰুণ ধৱনৰ কেৰিয়াৰ! 3


আমি যদি ছবিৰ পৰা ফালৰি কাটি আহো তেতিয়াহ’লে তেওঁ গীত সমূহতো সেই একেই ধাৰা আমি দেখিবলৈ পাম। তেওঁৰ ছবি “বদ্ৰীনাথ কি দুল্হানিয়া” ত সন্নিৱিষ্ট থকা জনপ্ৰিয় গীতটো আছিল “তম্মা তম্মা”; যিটো বহু দিনলৈ চলিছিল যদিও দৰ্শকে ইয়াক সমাদৰ জ্ঞাপন কৰা নাছিল। আনহাতে তেওঁৰ গীত ‘Illegal Weapon 2.0’ য়ো লাভ কৰিছিল জনপ্ৰিয়তা; যিটো আছিল এটা ৰিমেক গীত।


Add comment

Leave a Reply

The Ultimate Managed Hosting Platform