একোখন উপন্যাসৰ একোটা কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ হোৱা ছবিসমূহ আমি প্ৰত্যেকেই উপভোগ কৰি আহিছো; কিন্তু শেহতীয়াকৈ একাধাৰে নিৰ্মাণ হৈ থকা চুটি ছবিসমূহত আমি দেখিবলৈ পাইছো বিভিন্নতা। এটা কবিতা অথবা একোটা গল্পক লৈ বৰ্তমান নিৰ্মাণ কৰি উলিওৱা হৈছে কেইবাখনো চুটি ছবি। এনে পৰিপ্ৰেক্ষিততে, সদ্যমুক্তিপ্ৰাপ্ত এখন চুটি ছবিৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াত কলা-কুশলীয়ে কৰা অভিনয়লৈ প্ৰত্যেকটো বস্তুৱে ধ্যান টানিছে জনসাধাৰণৰ। ধীৰুমণি গগৈৰ “নিষিদ্ধ যোদ্ধা” শীৰ্ষক গল্প কিতাপখনৰ এটা সঁচা কাহিনীৰ ভেঁটিত নিৰ্মাণ কৰি উলিওৱা এখন চুটি ছবি “মোহ”! জয়ন্ত নাথৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনে নিজৰ দৃশ্যসমূহৰ লগতে উপস্থাপন কৰিবলগীয়া কাহিনীভাগৰ সাৱলীল উপস্থাপনে ইয়াক দৰ্শকৰ সমুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। জাতি, মাতিৰ তথা নিজৰ দেশ ৰক্ষাৰ স্বাৰ্থত আমি কেতিয়াবা এনে বহু প্ৰতিভাশীল নৱপ্ৰজন্মকো দেখিছো যিয়ে অবাটে পৰিচালিত হয় লগতে হিংসাৰ পথটোক আঁকোৱালি ল’বলৈ চেষ্টা কৰে।
অপ্ৰিয় হ’লেও সত্য যে, হিংসাই প্ৰথমাৱস্থাত যদিও সফলতা আনে তথাপিও পিছলৈ ইয়াৰ পৰিণতি ভয়াৱহ হয়। বহু নিৰীহ লোকৰ জীৱনত প্ৰশ্নৰ সৃষ্টি হয় আৰু পিতৃ-মাতৃ অবিহনেই একাংশই কটাবলগীয়া হয় নিজ জীৱনৰ অধিকাংশ সময়। “হিংসা” য়ে শান্তি নহয়; কষ্ট কঢ়িঁয়ায়। ইয়াৰ লগতে, আমি সদায় শুনি আহিছো অথবা উপলদ্ধি কৰিছো যে এগৰাকী জন্মদাতা মাতৃতকৈ পালনদাতা মাতৃৰ গুৰুত্ব অত্যাধিক। আচলতে, এনে উদাহৰণ আমি শ্ৰী কৃষ্ণৰ বাল্যকালৰ পৰা শুনি অহা আখ্যানসমূহতো পাইছো। চুটি ছবিসমূহত জীৱনৰ সৰু সৰু কথাক সুন্দৰ ৰূপত উপস্থাপন কৰাত পৰিচালক গৰাকী যেনেদৰে সফল হৈছে; ঠিক তেনেদৰে সফল হৈছে চুটি ছবিখনৰ এটি মূখ্য চৰিত্ৰত অভিনীত অভিনেত্ৰী স্বাগতা ভৰালী। তেওঁৰ অভিনয়ৰ বিভিন্নতাক ইতিমধ্যে উপভোগ কৰিবলৈ সক্ষম হৈছে অনুৰাগীয়ে।

বিস্মিতা দত্তৰ প্ৰযোজনাৰে চুটি ছবিখনৰ চিত্ৰনাট্য আৰু সহযোগী পৰিচালনা পবিত্ৰ বৰুৱাৰ। শশাংক শইকীয়াৰ চিত্ৰগ্ৰহণেৰে এই ছবিখনত স্বাগতা ভৰালীৰ বাহিৰেও আন কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে চয়নিকা বৰুৱা, দীপাংকৰ জ্যোতি দত্ত, তৰুণ পৰীক্ষিত, ৰাজেন হাজৰিকা, ৰূপকুমাৰ বৰা, আলক বৰুৱা, কৌশিক দত্ত, জুলী পাঠক, মেঘালী গগৈ, তৰুণ গোস্বামী, প্ৰসেনজিৎ দত্ত, ৰাহুল দত্ত, হিমাংকু দাস, অন্তৰা শইকীয়া, মানস জ্যোতি বৰঠাকুৰ, নৰেন বৰা আৰু বেবী দীক্ষিতাই
Add comment