Rupaliparda.com
সমাগত ২০২১; নতুন বৰ্ষৰ আৰম্ভণি হ'ব দীক্ষুৰ গীতেৰেঃ 1

সমাগত ২০২১; নতুন বৰ্ষৰ আৰম্ভণি হ’ব দীক্ষুৰ গীতেৰেঃ

কিছুদিন পিছতেই আৰম্ভ হ’ব এটা নতুন বৰ্ষ; অৰ্থাৎ সমাগত ২০২১ চন। ২০২০ ৰ বিদায় আৰু ২০২১ ক আদৰিবলৈ যোৱা কেইবাবছৰৰ দৰে এইবাৰো জনসাধাৰণে আৰম্ভ কৰিছে পৰিকল্পনা; ক’ত কোনে কি খাব অথবা কেনেকৈনো আদৰিব ২০২১ ক! এই সমষ্ট জল্পনা-কল্পনাত ব্যস্ত এতিয়া জনগণ। ঠিক এইদৰে মনোৰঞ্জন ক্ষেত্ৰখনেও আৰম্ভ কৰিছে নতুন বৰ্ষক আদৰাৰ পৰিকল্পনা; চলিত বৰ্ষটো যিমানেই ঘাত-প্ৰতিঘাত অথবা কষ্টকৰ নহওঁক কিয়! এতিয়া প্ৰত্যেকেই নতুন বছৰৰ আৰম্ভণি কৰিবলৈ নিজৰ সৃষ্টি সমূহক জনসাধাৰণৰ মাজত উলিয়াই দিয়াৰ চেষ্টা প্ৰকাশ কৰিছে। এইবাৰ নতুন বছৰৰ আৰম্ভণি আৰু চলিত বৰ্ষৰ শেষ হ’ব কন্ঠশিল্পী দীক্ষু শৰ্মাৰ কন্ঠৰ এটি গীতেৰে। ৩১ ডিচেম্বৰৰ দিনাখনেই দীক্ষু শৰ্মাৰ কন্ঠৰে মুক্তি লাভ কৰিব “মইনা” শীৰ্ষক এটি গীত। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে গীতটিৰ এটি ট্ৰেইলাৰ।কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আবিৰ” টো কন্ঠদান কৰা এই কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি।


প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। আহিবলগীয়া গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে দীক্ষুয়ে নিজেই; আনহাতে ইয়াত সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে পলাশ গগৈ। গীতটিৰ ভিডিঅ’ ৰ কৰিঅ’গ্ৰাফ কৰিছে কমল ৰাজাই আনহাতে ভিডিঅ’ত অভিনয় কৰিছে দীক্ষু শৰ্মা আৰু এহচানে। উত্তম কলিতাৰ দৃশ্যগ্ৰহণেৰে ইয়াৰ সম্পাদনা কৰিছে মানস কাশ্যপে। “মইনা” ক লৈ ইতিমধ্যে উৎসাহীও হৈ পৰিছে দীক্ষু শৰ্মাৰ অনুৰাগী। অনুৰাগীৰ বাবে সঁচাকৈ ই এক সু-খবৰ যে তেওঁলোকৰ নতুন বৰ্ষৰ আৰম্ভণি হ’ব তেওঁলোকৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ নতুন গীতক লৈ।

সমাগত ২০২১; নতুন বৰ্ষৰ আৰম্ভণি হ'ব দীক্ষুৰ গীতেৰেঃ 2


মুঠতে, চলিত বৰ্ষটো যিমান ঘাত, প্ৰতিঘাত তথা সংঘাতপূৰ্ণ নহওঁক কিয় সকলোৰে কেৱল এটাই ইচ্ছা যে এই সময়ছোৱাত কেনেদৰে ইজনে আনজনক অকণমান সকাঁহ আৰু অকণমান আমোদ প্ৰদান কৰিব পৰা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform