Rupaliparda.com
"ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক"- সুব্ৰত কাকতি 1

“ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক”- সুব্ৰত কাকতি

আমি বৰ্তমানলৈ কেইবাবাৰো অসমীয়া আহিবলগীয়া ৱেব চিৰিজ “ILLEGAL” ৰ কথা পাতিছো। আপোনালোকক এই চিৰিজখনৰ বিষয়ে বহু কিবা কিবি জনোৱাৰ লগতে শেহতীয়াকৈ ইয়াৰ মশ্বন পোষ্টাৰেও লাভ কৰিছে মুক্তি। মশ্বন পোষ্টাৰৰ মুক্তিৰ পিছতেই চিৰিজখনক লৈ উৎসাহিত হৈ পৰিছে প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শক। ৰূপালীপৰ্দাৰ ফালৰ পৰা চিৰিজখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ দায়িত্বত থকা সুব্ৰত কাকতিৰ সৈতে মই ৰীমা দত্তই পাতিছিলো কিছু কথা। অহা বৰ্ষৰ জানুৱাৰী মাহৰ শেষলৈ মুক্তি পাবলগীয়া এই ৱেব চিৰিজখনৰ “ক’ৰোণা”অথবা “লক-ডাউন” ৰ সৈতে কিবা সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “পোনপটীয়াকৈ “ILLEGAL” ৰ কাহিনীৰ সৈতে ক’ৰোণা অথবা লক-ডাউনৰ কোনো সম্পৰ্ক নাই যদিও উমৈহতীয়াকৈ এই দুয়োটা বস্তুৰ আমাৰ এই প্ৰকল্পটোৰ সৈতে সম্পৰ্ক আছে। আমাৰ চিৰিজখনৰ যিগৰাকী প্ৰযোজক জোনমণি দেৱী খাউণ্ড; “লক-ডাউন” ৰ মাজতেই যে এই ৱেব চিৰিজ সমূহ চোৱা এক ঢৌ উঠিছিল; সেইবোৰক প্ৰত্যেক্ষ কৰিয়েই তেওঁ এই নতুন প্ৰকল্পটোৰ কথা ভাবি উলিয়াইছিল। অসমৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিনাকী হ’বলগীয়া “Niri 9” নামে এই এপটোত অসমৰ উপৰিও থাকিব হিন্দী আৰু বাংলা ভাষাৰ প্ৰকল্পসমূহ। তেওঁৰ ইচ্ছাৰ সৈতে সংলগ্ন কৰিয়েই আমি আচলতে “ILLEGAL” ক লৈ আগবাঢ়িলো।”

"ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক"- সুব্ৰত কাকতি 2


থ্ৰীলাৰৰ উপৰিও অসমীয়া দৰ্শকে চিৰিজ খনত আৰু কি নতুন উপভোগ কৰিবলৈ পাব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “ৰবি শৰ্মাই চিৰিজখনত বিৰাট টান টান একচন কোনো এগৰাকী প্ৰশিক্ষক অবিহনে নিজেই কৰিছে। ৰবি দাই কোনো “ফাইট টীম” ৰ অবিহনে চিৰিজখনক লৈ সাংঘাতিক কষ্ট কৰা আমি সকলোৱে দেখিছো। আনহাতে, এই “ILLEGAL” ৰ সমগ্ৰ কনচেপ্টটোৱে আচলতে নতুন; আপোনালোকে ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক। ইয়াৰ উপৰিও, আমি সকলোৱে চিৰিজখনৰ সংগীত, শব্দ, আদি বোৰক আপডেট কৰিবলৈ যথেষ্ট চেষ্টা কৰিছো। পোষ্ট-প্ৰডাকচনতো আমি আপডেট বস্তুসমূহেই ব্যৱহাৰ কৰিছো য’ত দৰ্শকে আপডেট বিষয় এটা উপভোগ কৰিবলৈ পাব।”

"ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক"- সুব্ৰত কাকতি 3


চিৰিজখনৰ কাহিনী, সংলাপ আৰু পাণ্ডুলিপিৰ দায়িত্বত আছে ৰবি শৰ্মা। “ILLEGAL” ৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সহযোগী দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থজ্যোতি মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ৰূপসজ্জা আৰু সাজসজ্জা বিজিয়েতা লগতে কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform