Rupaliparda.com
হৰাদ্ৰি দীপা আৰু শান্তনু কৌশিকৰ কন্ঠৰে "মন মৰমী"- 1

হৰাদ্ৰি দীপা আৰু শান্তনু কৌশিকৰ কন্ঠৰে “মন মৰমী”-

নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি লাভ কৰিলে এটি নতুন বিহু গীত “মন মৰমী”। “নীলিম” আকাশ” ৰ বহুল জনপ্ৰিয়তাৰ পিছতেই হৰাদ্ৰি দীপাৰ কন্ঠৰে সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিয়েও লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ সমাদৰ; গীতটিত হৰাদ্ৰি দীপাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে শান্তনু কৌশিকে। আনহাতে, গীতটিত কথা,সুৰ আৰু সংগীত সমীৰণ মলয়ৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাদ্যযন্ত্ৰীৰ দায়িত্বত আছে অচ্যুত বৰা, অমৰ জ্যোতি শৰ্মা (দাদু), সমীৰণ মলয়, নিতু শইকীয়া আৰু শ্যামল ভূঞা। গীতটি বাণীবদ্ধ কৰিছে দীপক বৰুৱা (Studio Dream Works, Jorhat), নয়ন আঞ্জাৰাম বৰা (Studio Breeze, Jorhat), ৰাজীৱ শৰ্মা (Studio Fusion, Moran) আৰু শ্যামল ভূঞাই (Euphonix Audio Workstation, Jorhat)। গীতটিৰ ভিডিঅ’ত কৰা অভিনয়েৰে গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে বৰষা ৰাণী বিষয়া আৰু কিশোৰ দাসে। উদয় শংকৰৰ নৃত্য নিৰ্দেশনাৰে গীতটিৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ।

হৰাদ্ৰি দীপা আৰু শান্তনু কৌশিকৰ কন্ঠৰে "মন মৰমী"- 2


হৰাদ্ৰি দীপাৰ সৈতে হোৱা এক সাক্ষাৎকৰত তেওঁৰ ফালৰ পৰা যেতিয়া “শিল্পী” ৰ সংজ্ঞা বিচৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “শিল্পী” শব্দটোৰ আচলতে যথেষ্ট পৰিসৰ বহল; সাধাৰণতে আমি ভবাৰ দৰে কেৱল গান গোৱা, বজোৱা, নচা বা অভিনয় কৰা জনেই শিল্পী নহয়। শিল্পকৰ্মৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়েই একো একোজন শিল্পী । বাঁহৰ খৰাহি, পাচি, জাকৈ, খালৈ বনোৱা জনো এজন শিল্পী; পূজাৰ চাকি গচকে আদি কৰি দেৱ দেৱীৰ মৃন্ময় মূৰ্তি বনোৱাজনো এজন শিল্পী। সাজসজ্জাৰে আনক সজাই পৰাই তোলাজনো শিল্পী, ৰূপসজ্জাৰে কাৰোবাৰ সৌন্দৰ্য বৰ্দ্ধন কৰাজনো শিল্পী। কিন্তু, এটা কথা ঠিক যে এজন প্ৰকৃত শিল্পী হ’বলৈ হ’লে তেওঁৰ কামটোৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, প্ৰেম আৰু নিষ্ঠা থাকিবই লাগিব; অৰ্থৰ কথা পিছতহে আহে। আচলতে, এজন প্ৰকৃত শিল্পীয়ে অৰ্থৰ বাবে শিল্পকৰ্ম নকৰে, তেওঁৰ শিল্পকৰ্মৰ বাবদহে মাননি লয়। সেয়াই তেওঁৰ জীৱিকা হৈ পৰে; সেইকথাটো সকলোৱে বুজা উচিত । শিল্পী হ’বলৈ হ’লে যথেষ্ট কষ্ট আৰু ত্যাগ কৰিব পাৰিব লাগিব; সেয়েহে হয়তো শিল্পী হোৱাটো ইমান সহজো নহয় । আজিকালি বহুতৰে মূল লক্ষ্য গ্লেমাৰ; একাগ্ৰতা আৰু শ্ৰদ্ধাৰে গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কাম কৰি গ’লে এদিন সফলতা লাভ কৰাটো নিশ্চিত।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform