Rupaliparda.com
অনুৰাগ বসুৰ মতে কংগনা ৰাণাওঁট দুগৰাকী; যাক তেওঁ বুজিব নোৱাৰেঃ 1

অনুৰাগ বসুৰ মতে কংগনা ৰাণাওঁট দুগৰাকী; যাক তেওঁ বুজিব নোৱাৰেঃ

কংগনা ৰাণাওঁটক প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। তেওঁ বহু এনে প্ৰসংগত মাত মাতে যিটো হয়টো তেওঁৰ ফালেৰে গতি নকৰে যদিও বিষয়সূহত মাত মাতি সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখলত সক্ষম হৈ পৰে অভিনেত্ৰী গৰাকী। কংগনাৰ প্ৰথমখন ছবি “গেংগষ্টাৰ” ৰ নিৰ্দেশনাৰ দায়িত্বত থকা অনুৰাগ বসুৱে এক সাক্ষাৎকাৰ যোগে কংগনাৰ বিষয়ে কিছু কথা ব্যক্ত কৰে। কংগনাৰ সৈতে প্ৰথমাৱস্থাৰ কথা মনত পেলায় অনুৰাগ বসুৱে কয় যে, “আমি সেই চৰিত্ৰটোৰ সৈতে ২০-২৫ গৰাকী ছোৱালীৰ অডিশ্বন গ্ৰহণ কৰিছিলো কিন্তু তাৰ ভিতৰত কংগনাৰ মুখখনে মোক বেছিকৈ আকৰ্ষণ কৰিছিল। প্ৰথমে তেওঁক সকলোতে প্ৰশিক্ষণৰ প্ৰয়োজন হৈছিল যদিও তেওঁ প্ৰতিটো বস্তু সোনকালে শিকি লোৱা বিধৰ আছিল।” কংগনাৰ সাৰ্বজনিক ছবি খন কেনে বুলি প্ৰশ্ন কৰা অনুৰাগে কয় যে, ” আমি বৰ বেছিকৈ লগ নাপাওঁ কিন্তু যেতিয়াই লগ পাওঁ প্লাবিকক দেখুওৱাই আগবঢ়া বিধৰ কংগনা নহয়। মোৰ এনে লাগে যেন কংগনা দুগৰাকী; মই বুজিব নোৱাৰো।”

অনুৰাগ বসুৰ মতে কংগনা ৰাণাওঁট দুগৰাকী; যাক তেওঁ বুজিব নোৱাৰেঃ 2
অনুৰাগ বসুৰ মতে কংগনা ৰাণাওঁট দুগৰাকী; যাক তেওঁ বুজিব নোৱাৰেঃ 3


কংগনাৰ ৰাণাওঁটৰ সংঘৰ্ষ ইণ্ডাষ্ট্ৰীটোত আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। সুশান্ত সিঙৰ মৃত্যৰ সময়ত তেওঁক লগ দিয়াৰ স্বাৰ্থত কংগনাই নিজৰ প্ৰথমটো থপ্পড় বলীউডক মাৰিছিল। সুশান্তৰ মৃত্যুত বিভিন্ন জনে দিয়া বিভিন্ন মন্তব্যক উফৰাই বৰ্তমান বলীউড ক্ষেত্ৰক প্ৰশ্ন উত্থাপন কৰিছিল অভিনেত্ৰী কংগনা ৰাণাওঁটে। প্ৰায়ে নেপটিজিমক লৈ খুলি মত ব্যক্ত কৰা অভিনেত্ৰী গৰাকীয়ে প্ৰথমটো পোষ্ট দিছিল এনেদৰে, “সুশান্ত সিঙৰ মৃত্যয়ে সকলোকে হতবাক কৰিছে। কিন্তু এতিয়াও কিছু লোকে কয় আছে যে যিসকল লোক মানসিক ভাৱে দূৰ্বল তেওঁলোকে আত্মহত্যা কৰে। যিজন ব্যক্তি ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ মানসিক ভাৱে কেনেদৰে দূৰ্বল হ’ব পাৰে! সুশান্তে নিজৰ কিছু পূৰণি ছবিক লৈ প্ৰায়ে লিখিছিল যে মোৰ ইয়াত কোনো গ’ড ফাডাৰ নাই। মোক ইয়াৰ পৰা উলিয়াই দিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.