Rupaliparda.com
একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা আৰু এক হৃদয়স্পৰ্শী কাহিনীৰে ৰীমা বৰাৰ "তাজমহল"- 1

একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা আৰু এক হৃদয়স্পৰ্শী কাহিনীৰে ৰীমা বৰাৰ “তাজমহল”-

২০২০ চনটোৱে এসোপা মান যন্ত্ৰণা, কষ্ট নিজৰ লগত কঢ়িয়াই অনাত তাক আমি যৎপৰোনাস্তি গালি পাৰিছো অথবা এই চনটো সোনকালে শেষ হোৱাৰ বাবে অপেক্ষা কৰি ৰৈছো। কেৱল মাত্ৰ এটা বৰ্ষই মানৱ জীৱনবোৰৰ কিছু সময় পিছুৱাই নিয়াত আমি ইয়াক ইমান বেছি বেয়া পাইছো যে কাহানিও এনে এটা বছৰৰ আমি আশা আগলৈ নকৰো। কিন্তু, বছৰ ধৰি বছৰ আমাৰ সমাজত এনে কিছু কাম নিৰৱিচ্চিন্ন ভাৱে চলি আছে যাৰ আমি কোনো এক নিৰ্দ্দিষ্ট উত্তৰ উলিয়াব পৰা নাই। ই এক সাঁথৰ সদৃশ আমাৰ সকলোৰে মাজত ক্ৰিয়া কৰি আছে; সমাজৰ এনে এক ব্যাধি সদৃশ বিষয়বস্তুৰ আধাৰ লৈয়ে চলিত বছৰৰ শেষৰ ফালে আৰম্ভ হৈছে এক প্ৰকল্পৰ; অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ এখন ছবিৰ সৈতে আকৌ এবাৰ অসমীয়া চলচিত্ৰ প্ৰেমী জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে পৰিচালক ৰীমা বৰা। এটা বৰ হৃদয়স্পৰ্শী বিষয়বস্তুৰ আঁত ধৰি পৰিচালক গৰাকী নিৰ্মাণৰ বাবে সাজু হৈছে এই চিনেমাখন। “তাজমহল” শীৰ্ষক এই চিনেমাখনৰ ইতিমধ্যে শ্বুটিঙৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ সমান্তৰালকৈ অহা বৰ্ষৰ ৪ জানুৱাৰী তাৰিখৰ পৰা হাৰিয়ানাৰ বিভিন্ন ঠাইত চিনেমাখনৰ শ্বুটিঙৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হ’ব। চিনেমাখনৰ বিষয়ে পৰিচালক ৰীমা বৰাৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা-বতৰা যোগে তেওঁ কৈছিল যে, “তাজমহল” এই চিনেমাখন ২০১৮ ৰ শেষৰ ফালে মই লিখিবলৈ আৰম্ভ কৰিছিলো। এবাৰ মই হাৰিয়ানাৰ “State University of Performing and Visual Arts, Rohtak” ত পঢ়াবলৈ যাওঁতে নাৰী ব্যৱসায়ীৰ সৈতে জড়িত কিছু কথাক উপলদ্ধি কৰিছিলো। এই কথাখিনিকেই যেতিয়া মই অকণমান অধিক জানিবলৈ বিচাৰিলো তেতিয়াই মোৰ ওচৰত আচলতে বহুখিনি তথ্যৰ গোট খালে। মই অসমতো ঘটি থকা এনে বহু কথা গম পালো, ইয়াৰ সৈতে জড়িত উদ্ধাৰকাৰী এজেঞ্চীৰ সৈতে হোৱা কথা বতৰাৰ পিছত মোৰ কাহিনীৰ পৰিসৰটো আৰু অধিক বহল হৈ পৰিল।”

চিনেমাখনত কাহিনীৰ সৈতে সংলগ্ন কৰি নৱপ্ৰজন্মৰ উঠি অহা প্ৰতিভা সমূহক একেলগে চিনেমাখনত অন্তৰ্ভূক্ত কৰাৰ বিষয়ে প্ৰশ্ন কৰাত পৰিচালক ৰীমা বৰাই জনায় যে, “তাজমহল” ৰ কাহিনীৰ পৰিসৰটোৱে বহল আচলতে; তাত মূখ্য নায়িকাৰ কাহিনীৰ সৈতে সৰু সৰুকৈ জড়িত হৈ আছে তাইৰ বান্ধৱী কেইগৰাকীৰো কাহিনী। গতিকে মই “নাৰী ব্যৱসায়ী” ৰ সৈতে জড়িত বিভিন্ন কথাবোৰ যেতিয়া গম পাবলৈ ল’লো তেতিয়া মোৰ কাহিনীত আন কেইবাটাও চৰিত্ৰ সাঙুৰ খোৱাই গৈ থাকিলো। আৰু, অৱশ্যে মই প্ৰত্যেকৰে অ’ডিশ্বন লৈছিলো; তেওঁলোক আটাইৰে অভিনয় দিশটোৰ প্ৰতি থকা দৃঢ়তা আৰু নিষ্ঠা দেখি মোৰ ভাল লাগিছিল বাবেই ছবিখনত তেওঁলোকক গ্ৰহণ কৰিছিলো।”

“তাজমহল” চিনেমাখনৰ মুক্তিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “প্ৰথম পৰ্যায়ৰ শ্বুটিং শেষ হোৱাৰ পিছতেই চিনেমাখন সম্পাদনাত বহিছে আৰু দ্বিতীয় পৰ্যায়ৰ সম্পাদনাৰ কাম শেষ কৰিবলৈও বৰ বেছি সময়ৰ প্ৰয়োজন নহ’ব যদিও শব্দ অথবা বিভিন্ন কাৰিকৰী দিশবোৰ উন্নত কৰি ৰাইজৰ মাজত উলিয়াই নিবলৈ হ’লে চিনেমাখনে কিমান সময় ল’ব সেয়া সঠিক ভাৱে ক’ব পৰা নাযাব; কিন্তু আমি অহা বছৰৰ এপ্ৰিলৰ শেষলৈ চিনেমাখন সম্পূৰ্ণহে হ’ব।” উল্লেখ্য যে, “তাজমহল” চিনেমাখনৰ প্ৰযোজনাৰ দায়িত্বত আছে অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform