Rupaliparda.com
কন্ঠশিল্পী গীতালীৰ কন্ঠৰে এইবাৰ "গুটীয়া নাওঁ"- 1

কন্ঠশিল্পী গীতালীৰ কন্ঠৰে এইবাৰ “গুটীয়া নাওঁ”-

কন্ঠশিল্পী গীতালীৰ কন্ঠৰে এইবাৰ “গুটীয়া নাওঁ”-

কন্ঠশিল্পী গীতালীৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটা নতুন গীত; নতুন বছৰৰ আৰম্ভণি কৰিবলৈ অনুৰাগীকো কন্ঠশিল্পী গীতালী দেৱীয়ে উপহাৰ দিলে এটা নতুন গীতৰ। “গুটীয়া নাওঁ” শীৰ্ষক এটি গীতৰ সৈতে এইবাৰ জনসাধাৰণৰ কাষ চাপিছে কন্ঠশিল্পী গৰাকী। গীতটি মুক্তি লাভৰ পিছতেই তেওঁ ইনষ্টাগ্ৰামত এক পোষ্ট যোগে গীতটিৰ বিষয়ে কয় এনেদৰে, “প্ৰায় দুবছৰযোৰা এক পৰিকল্পনা, গুৰু দিগন্ত ভাৰতী ছাৰৰ কথা আৰু সুৰক সংগীতেৰে সজাইছে নবপ্ৰজন্মৰ প্ৰতিভাবান সংগীত শিল্পী হৰজিত দিয়াজে…নৱ বৰ্ষৰ প্ৰাকক্ষণত আপোনালোকলৈ নতুন বছৰৰ উপহাৰস্বৰূপে আগবঢ়াই দিছো এটি নতুন গীত “গুটীয়া নাও” সকলোৱে মৰমেৰে আকোৱালি লব বুলি আশা কৰিলো।” গীতালীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটো গীতেই জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰাত সক্ষম হয়। কেৱল ইমানেই নহয়, জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ সংগীত প্ৰস্তুতেৰে অনুৰাগীৰ কাষ চপা ক্ষেত্ৰত গীতালীয়ে তেওঁৰ গীত সমূহ মুক্তিৰ পূৰ্বৰ পৰাই এক নতুন ঢৌৰ সৃষ্টি কৰি ৰখা দেখিবলৈ পোৱা যায়। ২০২০ ৰ আৰম্ভণি কন্ঠশিল্পী গীতালীৰ বাবে অৱশ্যে ভালেই আছিল; কিয়নো চলিত বৰ্ষটোৰ আৰম্ভণিতেই তেওঁ অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটা লাভ কৰিছিল।


সদ্যমুক্তি গীতালীৰ “গুটীয়া নাও” শীৰ্ষক গীতটি দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে ৰচিত আৰু ইয়াত সংগীত দিছে মুম্বাই প্ৰতিষ্ঠিত হৰ্জিৎ দিয়াজে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত সংগীত পৰিচালক হৰ্জিৎ দিয়াজৰ অসমীয়া তথা হিন্দী এই দুই ভাষাতে দখল থকাৰ সমান্তৰালকৈ এই দুই ক্ষেত্ৰতে তেওঁৰ জনপ্ৰিয়তাও নুই কৰিব নোৱাৰি। উল্লেখ্য যে, গীতটি মুক্তিৰ পিছতেই ইউটিউবত ই লাভ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণৰ অধিকাংশ ভিউৱাৰচ। সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ সৈতে জড়িত গীতালী; “কভিড ১৯” য়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতেই বিপদ কালক একাংশ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা জনসাধাৰণক সহায়ৰ বাবে আগবাঢ়িছিল গীতালী। বৃন্দাবন থিয়েটাৰৰ ফালৰ পৰা লোৱা এই পদক্ষেপত অংশীদাৰৰূপে জড়িত হৈ গীতালীয়ে নলবাৰীৰ মৰুৱাৰ একাংশ লোকক সহায়-সহযোগিতা আগবঢ়াইছিল তেওঁ।
সংগীতৰ জনপ্ৰিয়তাৰ লগতে কন্ঠশিল্পী গৰাকীৰ এনে মহানুভৱতা দেখি আন একাংশ জনসাধাৰণো কন্ঠশিল্পী গৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform