Rupaliparda.com
Rowd hoi aaha tumi

ৰ’দ হৈ আহা তুমিঃ

চলিত বৰ্ষতে চিনেমা গৃহলৈ আহি আছে এখন পাৰিবাৰিক বোলছবি “ৰ’দ হৈ আহা তুমি”। তপন বৰদলৈৰ পৰিচালনা,কাহিনী,চিত্ৰনাট্য লগতে সংলাপ আৰু এম.বি ফিল্মছৰ বেনাৰত মৌছুমী বৰদলৈয়ে প্ৰযোজনা কৰা উক্ত বোলছবিখনৰ মূখ্য হৈছে এটা “পৰিয়াল”। আদৰ,মৰম-স্নেহ, আন্তৰিকতা থকা এটা সুখৰ পৰিয়ালৈ হঠাৎ আহে এজাক দোবাল-পিটা বৰষুণ। যি বৰষুণে নিঃশেষ কৰি পেলায় পৰিয়ালটোৰ সৰ্বস্ব। প্ৰতিশোধৰ মানসিকতাই পুৰি পেলায় এটা সুন্দৰ হাঁহি থকা পৰিয়াল। এয়ে হৈছে বোলছবিখনৰ কাহিনী সুক্ষ্ম আভাষ। বোলছৱি খনত অভিনয় কৰিছে ক্ৰমে মলয়া গোস্বামী,জয়ন্ত দাস, মনালী বৰদলৈ, সিদ্ধাৰ্থ কলিতা, শমিষ্ঠা চক্ৰৱৰ্তী, মন্মথ বৰুৱা,তপন বৰদলৈ, ভগৱৎ প্ৰীতম,ইউনিছ ইয়ং আদি বহু কেইজন ন-পুৰণি শিল্পীয়ে। বোলছবি খনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত আৰু মনজুৰি বৰদলৈয়ে। “ৰ’দ হৈ আহা তুমি” ৰ দৃশ্যগ্ৰহণ ৰ কাম গুৱাহাটী,শ্বিলং,মনালী,চেৰাপুঞ্জীৰ উপৰিও মালয়েছিয়া আৰু চিংগাপুৰৰ মনোৰম ঠাইত সম্পন্ন হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.