গল্প আৰু উপন্যাসৰ কাহিনীক মূল হিচাপে লৈ বৰ্তমানলৈ নিৰ্মাণ হৈছে বহুকেইখন বোলছবি। এক কথাত ক’বলৈ হ’লে চিনেমাৰ লগত গল্প তথা উপন্যাসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ঠিক তেনেদৰে এইবাৰ এটা কবিতাৰ কথাক কাহিনী আকাৰে লৈ নিৰ্মাণ কৰা হৈছে এখন বোলছবি “দা ফায়াৰিং ৰেঞ্জ”। ইতিমধ্যে পষ্ট প্ৰডাকচনৰ কাম সম্পূৰ্ণ হৈ উঠা বোলছবিখন পৰিচালনা,কাহিনী, চিত্ৰনাট্য লগতে সংলাপ ৰচনা প্ৰণৱ কুমাৰ বৰদলৈৰ। তেওঁৰেই ৰচিত “ছাতি” কবিতাটোক ভিত্তি হিচাপে লৈ আৰম্ভ হৈছে বোলছবিখন। এটা বাস্তৱধৰ্মী আৰু সংবেদনশীল কাহিনীৰ ওপৰত ৰচিত বোলছবিখনৰ মূল হৈছে “ঘৰ হেৰুওৱা শৰনাৰ্থী”।
এখন সুন্দৰ-শুৱনি গাঁৱত দেশ সুৰক্ষাৰ স্বাৰ্থত স্থাপিত এটা ফায়াৰিং ৰেঞ্জে কেনেধৰণৰ পৰিৱৰ্তন আনিব পাৰে তাকেই চিত্ৰিত কৰি নিৰ্মাণ কৰা হৈছে “দা ফায়াৰিং ৰেঞ্জ”। চিফুং দা আৰ্টিষ্ট বেনাৰত বোলছবিখন প্ৰযোজনা কৰিছে পৰী শৰণীয়া আৰু সহকাৰী প্ৰযোজক হিচাপে কাম কৰিছে নিতুল শৰ্মাই। অভিনয় কৰিছে অজিত মহন্ত,নন্দ কুমাৰ কিশোৰ, মেঘনাদ মল্ল,দীপক বৰগয়াৰীনন পুষ্পাঞ্জলী ভূঞা, অনামিকা ডেকা, ৰূপজ্যোতি ডেকাকে ধৰি বহু কেইজন ন-পুৰণি শিল্পীয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,অমৃতপ্ৰভা আৰু সূৰ্যই। কিছুমান সত্য কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত বোলছবিখন চলিত বৰ্ষতে চিত্ৰগৃহৰ কাষ চাপিব।

Add comment