Rupaliparda.com
মানস বৰুৱা আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে "যাত্ৰা…এখন ছবিৰ"; উৎকন্ঠিত জনসাধাৰণঃ 1

মানস বৰুৱা আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে “যাত্ৰা…এখন ছবিৰ”; উৎকন্ঠিত জনসাধাৰণঃ

“লক-ডাউন” ৰ মাজতেই পৰিকল্পিত এটি প্ৰকল্পই শেহতীয়াকৈ উৎসাহিত কৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক। অসমীয়া ছবি জগতৰ এক ভোটাতৰা মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱা আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে “যাত্ৰা…এখন ছবিৰ” নামে প্ৰকল্পটোৰ এক চমু আভাস লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান জনসাধাৰণে। এক অভিনৱ প্ৰচেষ্টাৰে আগবাঢ়ি পৰিচালক গৰাকীয়ে ইতিমধ্যে প্ৰকল্পটোৰ শীৰ্ষ সংগীতৰ টিজাৰটো ৰাইজৰ মাজত উলিয়াই দিছে। চলিত মাহৰ ৩১ তাৰিখে সম্পূৰ্ণ গীতটিক শ্ৰোতা-দৰ্শকৰ মাজত উলিয়াই দিব বুলি জানিব পৰা গৈছে। সদ্যমুক্তিপ্ৰাপ্ত টিজাৰটোৱে আচলতে উৎসাহিত কৰাৰ লগতে আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰতও প্ৰতিজন। সচেতন মহলত খলকনি সৃষ্টিত সক্ষম হোৱা এই টিজাৰ টোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, অতিশীঘ্ৰে মুক্তিপাবলগীয়া এই প্ৰকল্পটোৱে পূৰণি ছবি সমূহৰ আঁৰৰ ঘটনা সমূহক উপস্থাপনৰ পুংখানুপুংখ প্ৰয়াসৰ চেষ্টা কৰিছে। শীৰ্ষ গীতটিৰ দায়িত্বত আছে পৰাণ বৰকটকী (জজ)।আনহাতে, গীতটিৰ কথা শশাংক সমীৰৰ আৰু মানস বৰুৱাৰ সমান্তৰালকৈ ইয়াৰ পৰিচালনা টীমত আছে অনুপম বৈশ্য আৰু হেমন্ত গগৈ। সম্পাদনা প্ৰতীম খাউণ্ডৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা বিতুপন কাশ্যপৰ।

মানস বৰুৱা আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে "যাত্ৰা…এখন ছবিৰ"; উৎকন্ঠিত জনসাধাৰণঃ 2
মানস বৰুৱা আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে "যাত্ৰা…এখন ছবিৰ"; উৎকন্ঠিত জনসাধাৰণঃ 3


“যাত্ৰা… এখন ছবিৰ” আচলতে আছেনো কি? বহুতৰে মনত হয়টো এই প্ৰশ্নটোৰে উত্থাপন হৈছে। এই প্ৰকল্পটোত কিছুমান পূৰণি ছবিক লৈ সেইবোৰৰ নিৰ্মাণৰ যাত্ৰাৰ লগতে চিত্ৰনাট্য, সংলাপ আদি প্ৰস্তুতকৰণৰ সময়ছোৱাত ঘটা ভিন্ন ঘটনা-পৰিঘটনাকো দেখুৱাবলৈ প্ৰয়াস কৰা হ’ব। অৰ্থাৎ ছবিখন নিৰ্মাণৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ছবিখন শেষ কৰা পৰ্যন্ত তাত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ মনৰ ভাৱবোৰক এইবাৰ জানিবলৈ পাব অসমীয়া দৰ্শকে। পিতৃ যুগটোৰ কিছু সাঁচি থোৱা স্মৃতিক ৰোমন্থন কৰাৰ মানসেৰে উক্ত প্ৰকল্পটোক হাতত লৈছিল পৰিচালক মানস বৰুৱাই।


উক্ত প্ৰকল্পটোৰ সমান্তৰালকৈ পৰিচালক মানস বৰুৱা ব্যস্ত তেওঁ আগন্তুক ছবি “বাৰুদ ২” ক লৈও। তেওঁৰ এই আটাইবোৰ পৰিকল্পনাক লৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform