এই সমগ্ৰ পৃথিৱীখনত চোকে-কোণে থকা প্ৰতিজন ব্যক্তিৰ কিছু নতুন নতুন সপোন আছে, আশা আছে অথবা ইচ্ছ আছে। চিচিডিত বহি একাপ কফিৰ কাপত চুমুক দিয়াতকৈ কেতিয়াবা বহু ব্যক্তিৰ বাবে আমোদায়ক হ’ব পাৰে ৰাষ্টাৰ কাষতে থকা পাঁচটকীয়া চাহ কাপ। কোনোবা ৰেষ্টুৰাৰ কোনোবা এটা চোকত বহি প্ৰেম নিবেদন কৰাতকৈ কেতিয়াবা এজন ব্যক্তিৰ বাবে নিৰৱিচ্চিন্ন হৈ বৈ যোৱা নৈখনৰ বালিচৰ খিনি হ’ব পাৰে প্ৰেম নিবেদনৰ ঠাই। আচলতে, এনে সৰু সৰু আশাক বুকুত বান্ধিয়ে নিজৰ প্ৰাপ্তিৰ বাটটোলৈ খোজ দিয়ে একোজন সৰু মানুহে। আপোনালোকে নিশ্চয় ভাবিছে, মই এই সৰু সৰু আশা বোৰক মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কিয় গুঠিব বিচাৰিছো। আচলতে, শেহতীয়াকৈ এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক কল্পজ্যোতি দাসৰ সৰু আশা আৰু সপোনক লৈয়ে নিৰ্মাণ কৰা হৈছে এটি সুন্দৰ প্ৰকল্প Movie Mafia। “মই সৰু মানুহ, সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত; সৰু মাথাটোৰে কিবা এটা সৰুকৈ কৰিছো!” বাক্যশাৰী পৰিচালক গৰাকীৰ নিজৰেই। চচিয়েল মিডিয়াৰ এটা জনপ্ৰিয় মাধ্যম ইউটিউবক নিজৰ সাধন হিচাপে গ্ৰহণ কৰি পৰিচালক কল্পজ্যোতি দাসে নিজৰ সৰু আশাটোক পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা ইতিমধ্যে হাতত লৈছে।

নিজৰ একক চেষ্টাৰে নৱপ্ৰজন্মক লৈ কাম কৰাৰ বহুল ইচ্ছা থকা কল্পজ্যোতি দাসে শেহতীয়াকৈ ইউটিউবত মুকলি কৰিছে তেওঁৰ এই Movie Mafia নামে চেনেলটো। চমুকৈ যদি ক’বলৈ যাওঁ তেতিয়াহ’লে Movie Mafia হৈছে ইউটিউবৰ এনে এক প্লেটফৰ্ম যাৰ দ্বাৰা পৰিচালক কল্পজ্যোতি দাসৰ লগতে আন একাংশ নৱপ্ৰজন্মই নিজৰ প্ৰতিভা অথবা নিজ নিজ ক’বলগীয়া কিছু কথা দৰ্শকৰ মাজলৈ লৈ যাব। ইউটিউবত উপলদ্ধ হোৱা এই চেনেলটোত থাকিব কেইবাখনো উপভোগ্য চিৰিজ; যাৰ নিৰ্মাণত বৰ্তমান ব্যস্ত হৈ আছে উক্ত পৰিচালক গৰাকী। আনহাতে, শেহতীয়াকৈ চেনেলটোত মুক্তিপাবলগীয়া এখন চিৰিজ “ৰমিঅ’ ইন জেং” ৰ ট্ৰেইলাৰটোক মুকলি কৰি দিয়া হৈছে। থ্ৰীলাৰ, ৰোমান্টিক তথা কমেডী আদি বিভিন্ন কাহিনী অন্তৰ্ভূক্ত এই চিৰিজ সমূহক লৈয়ে পৰিচালক কল্পজ্যোতি দাসৰ সৰু আশা।


প্ৰতিভাৰ ওপৰত গুৰুত্ব দি নৱপ্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ প্ৰতিও গুৰুত্ব দিয়া হ’ব এই চেনেলটোত। পৰিচালক কল্পজ্যোতি দাসৰ এই পৰিকল্পনাটোত তেওঁক সহায় কৰিছে ক্ৰমে ৰূপাংকৰ দাস, নিশিৰঞ্জন কে মল্লিকা, মধুস্মিতা দাস, প্ৰাঞ্জল দাস, অনুজ পৰশ, হৰগোবিন্দ মহন্তই। চিৰিজখনৰ চিত্ৰগ্ৰহণ কৰিছে নগেন বৈশ্যই।
Add comment