Rupaliparda.com
"শ্বোলে" নিৰ্মাণৰ বাবে ৰমেশ চিপ্পিৰ হাতত নাছিল টকাঃ 1

“শ্বোলে” নিৰ্মাণৰ বাবে ৰমেশ চিপ্পিৰ হাতত নাছিল টকাঃ

১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল বোলছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোঁৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত বোলছবিখন। ইয়াৰ পিছত বোলছবিখনৰ পৰিচালক ৰমেশ চিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কিন্তু এটা কথা এইখিনিতেই জনাই থওঁ যে, পৰিচালক ৰমেশ চিপ্পী নিজ পৰিচালনা কেৰিয়াৰৰ সফল ছবিৰ ভিতৰত আছিল “শ্বোলে”। আপোনালোকে জানেনে? ছবিখন নিৰ্মাণশৈলীৰ বাবে পৰিচালক গৰাকীৰ হাতত নাছিল টকা।

"শ্বোলে" নিৰ্মাণৰ বাবে ৰমেশ চিপ্পিৰ হাতত নাছিল টকাঃ 2
"শ্বোলে" নিৰ্মাণৰ বাবে ৰমেশ চিপ্পিৰ হাতত নাছিল টকাঃ 3


যাৰ বাবে ৰমেশ চিপ্পীয়ে সহায় ল’ব লগীয়া হৈছিল নিজ পিতৃৰ। ৩ কোটি টকাত নিৰ্মাণ হোৱা এই ছবিখনত অভিনীত অমিতাভ বচ্চনকে ধৰি ধৰ্মেন্দ্ৰ, হেমা মালিনী আৰু জয়া বচ্চন আটাইকে দিয়া হৈছিল কম মাছুল। ছবিখনৰ টিকেট বিক্ৰী হৈছিল ৫ ৰ পৰা ৭ টকাৰ ভিতৰত; ১০০ দিনলৈ চিত্ৰগৃহত বৰ্তি থকা এই ছবিখনে লাভ কৰিছিল ৩৫ কোটি টকা লাভ কৰাৰ উপৰিও কিছু কিছু ঠাইত ছবিখনে কালেকচন কৰিছিল ১৫-২০ কোটি টকালৈ কালেকচন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.