Rupaliparda.com
ৰূপম ভূঞাৰ "মৌন পৃথিৱীত"- 1

ৰূপম ভূঞাৰ “মৌন পৃথিৱীত”-

সংগীত ক্ষেত্ৰখনত ৰূপম ভূঞাৰ নাম উল্লেখনীয়।তেওঁৰ প্ৰতিটো গীতত তেওঁৰ কন্ঠৰ সমান্তৰালৈ যেন বান্ধ খাই থাকে আৱেগ। ৰূপম ভূঞাৰ কন্ঠই এনে এক মাদকতাৰ সৃষ্টি কৰে যাৰ বাবেই কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট। “মমতাজ”, “আকাশ চুবৰ মন”, “অনুৰাধা” আদি ছবিত কন্ঠদান কৰাৰ লগতে ৰূপম ভূঞাই নিজাববীয়াকৈ কেইবাটাও গীত তথা গজলো পৰিৱেশন কৰে। ” Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞা সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল। সদ্যমুক্তিপ্ৰাপ্ত এই “মৌন পৃথিৱীত” শীৰ্ষক গীতটিত সুৰো দিছে ৰূপম ভূঞাই নিজে। লগতে, গীতটিৰ কথা আৰু প্ৰযোজনা সংগীত মেধি। সংগীত ব্যৱস্থাপনা তথা শব্দ সংমিশ্ৰণ কৰিছে ৰাকেশ বাৰোই। অলংকৰণ কৰিছে কৌশিক কিশলয়ে।

ৰূপম ভূঞাৰ "মৌন পৃথিৱীত"- 2


যুৱ প্ৰজন্মৰ মন পৰশা কন্ঠৰ গৰাকী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী কন্ঠশিল্পী হৈছে ৰূপম ভূঞা। গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে সৰুৰ পৰা বিভিন্ন “মইনা মেল”, “মইনা পাৰিজাত” আদি অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত ক্ষেত্ৰখনৰ সৈতে চিনাকী হৈছিল। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰূপম ভূঞাৰ উক্ত নতুন গীতটিয়ে আকৌ এবাৰ শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হয়। “মৌন পৃথিৱীত আজি” শীৰ্ষক এই গীতটি এতিয়া পচন্দ কৰিছে বহুলোকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform