Rupaliparda.com
নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত "নিচা গৰল সমান" ক সমাদৰঃ 1

নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত “নিচা গৰল সমান” ক সমাদৰঃ

নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “নিচা গৰল সমান”। গীতটিক লিখিছে এগৰাকী অধিবক্তাই; তেওঁৰ নাম হৈছে বিনোদ পাঠক। ১৯৭৯ চনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতপ্ৰাপ্ত গীতিকাৰ আছিল বিনোদ পাঠক। গীতটিয়ে মুক্তিৰ পিছতেই ভিন্ন জন শ্ৰোতা-দৰ্শকে সঁহাৰি জনাইছে। একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়।


এইখিনিতে, এটা কথা ক’বই লাগিব যে; অৰূপজ্যোতি বৰুৱাৰ কন্ঠ তথা প্ৰতিটো গীতৰ সৃষ্টিত আছে নতুনত্ব। তেওঁৰ প্ৰতিটো গীতত এনে এক বিশেষ গুণ দেখা যায় যাৰ দ্বাৰা তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হয় অনুৰাগীক। গীতটিত সংগীত বাবন বৰ্ণিলৰ আৰু ইয়াত সুৰ দিছে বিদ্যুৎ বিকাশৰ লগতে বিনোদ পাঠকে নিজেই। RedAv ষ্টুডিঅ’ত গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে; বাঁহী প্ৰদীপ ডেকাৰ আৰু থলুৱা বাদ্যযন্ত্ৰীৰ দায়িত্বত আছে বৰুণ দাস। গীতাৰ বজাইছে তপন দাসে। গীতটিত এটি সঁচা বিষয়ৰ উপস্থাপন আৰু উপভোগ্য কন্ঠই “নিচা গৰল সমান” ক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত "নিচা গৰল সমান" ক সমাদৰঃ 2


আমি প্ৰায়ে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা এক অন্যতম কাৰণ ৰূপে দেখিবলৈ পাওঁ নিচাক আৰু এনেধৰণৰ খবৰে প্ৰায় প্ৰতিজন সচেতন নাগৰিককেই হতাশ কৰি তোলে। উক্ত গীতটিৰ জৰিয়তে এটি ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে সকলোৱে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform