Rupaliparda.com
অভিনয় যেন নলগা অভিনয়েৰে হিট হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 1

অভিনয় যেন নলগা অভিনয়েৰে হিট হিমাংশু প্ৰসাদ দাসৰ “গৰু”-

য’ত অসমীয়া ছবিৰ মুক্তি তথা সফলতাত এক প্ৰশ্নৰ সৃষ্টি হৈছিল তাতেই শেহতীয়াকৈ মুক্তি লাভ কৰা “গৰু” য়ে এই আটাইবোৰ প্ৰশ্নত বিৰাম লগাই লাভ কৰিছে চৰ্চা। প্ৰথম দিনা অৰ্থাৎ ২২ জানুৱাৰীৰ প্ৰথমটো দৰ্শনীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ চলি থকা প্ৰতিটো দৰ্শনীতে দৰ্শকৰ ভিৰে এটা কথাই স্পষ্ট কৰিলে যে এটা ভাল বস্তুৰ অথবা একোটা ভাল প্ৰকল্পৰ সমাদৰ সদায় অসমৰ দৰ্শকে কৰে। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত আচলতে এটা কথা আকৌ এবাৰ স্পষ্ট হ’ল যে এই পৰিচালক গৰাকীয়ে দৰ্শকৰ সোঁৱাদ অথবা ৰুচিবোধ বুজি পায়। ৮-৯ মাহৰ পৰা যি স্তব্ধতাই মনোৰঞ্জন ক্ষেত্ৰখনত বিৰাজ কৰিছিল তাক উফৰাই “গৰু” য়ে যেন প্ৰত্যেকজন দৰ্শকক উৎসাহিত কৰি তোলাত সক্ষম হৈছে তেনে লাগিল। কাৰণ, ছবিখনৰ দৰ্শনী সমূহত উপস্থিত প্ৰতিজন দৰ্শকৰ মুখত হাঁহি বিৰিঙি থকাৰ সমান্তৰালকৈ ছবিখনৰ সমাপ্তিৰ পিছত প্ৰতিজন দৰ্শকে হাত চাপৰি মাৰি সঁহাৰি নজনোৱাকৈ নাথাকিল। ব্যতিক্ৰম বুলি কয় দিলেও আচলতে কেতিয়াবা বস্তুটোক বহুতে গ্ৰহণ কৰিবলৈ নিবিচাৰে; কিন্তু “গৰু” ৰ কাহিনী আৰু ইয়াৰ উপস্থাপনে যে বাৰুকৈয়ে ব্যতিক্ৰমৰ সৃষ্টি কৰিছে সেয়া আপোনালোকে ছবিখন উপভোগ কৰিবলৈ বাহিৰত ৰৈ থকা জাক-জাক দৰ্শকৰ দলৰ পৰাই অনুভৱ কৰিবলৈ পাব।

অভিনয় যেন নলগা অভিনয়েৰে হিট হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 2


“গৰু” ৰ মূখ্য চৰিত্ৰত আছে এটা গাই গৰু; যাৰ নাম হৈছে “লখিমী”। এই “লখিমী” গৰাকীক লৈয়ে ছবিখনৰ সমস্ত কাহিনীভাগ ঘূৰিছে। আনহাতে, ছবিখনৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, চন্দন দাস, কমল লোচন, লনিশ্ৰী আদিৰ অভিনয় ইমানেই নিখুঁত আছিল যে প্ৰত্যেকেই নিজৰ শ্ৰেষ্ঠ দিয়াটো দৰ্শকে অনুভৱ কৰিবলৈ পাৰিছিল। এগৰাকী জনপ্ৰিয় অভিনেতা ৰূপে বাহাৰুল ইছলামৰ অভিনয়ৰ ক্ষেত্ৰত থকা দক্ষতা আৰু তেওঁৰ অভিনয় যেন নলগা অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে প্ৰতিজন দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হৈছিল। আনহাতে পাকিজা বেগম তথা সিদ্ধাৰ্থ মূখাৰ্জীয়ে নিজ নিজ চৰিত্ৰটোক জীৱন্ত কৰি তোলাৰ স্বাৰ্থত যি প্ৰকৃত অভিনয় কৰিলে তাক নুই কৰিব নোৱাৰি। আনহাতে, ছবিখনৰ আন তিনি নৱপ্ৰজন্ম ক্ৰমে চন্দন দাস, কমল লোচন আৰু লনিশ্ৰীয়ে নিজৰ অভিনয়ৰ মজবুত দিশটোক ৰাইজৰ আগত দাঙি ধৰাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। ছবিখনত বন্ধুত্ব, প্ৰেম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ সম্প্ৰতি ৰাজনৈতিক ব্যৱস্থাটোৰ এখন প্ৰকৃত প্ৰতিচ্চবিক তুলি ধৰা হৈছে। সাধাৰণ জনৰ জীৱনৰ একেবাৰেই এটা সৰু এটা বিষয়ক ৰাজনীতিকৰণ কৰি ৰাইজক কেনেদৰে বিপথে পৰিচালিত কৰা হয় তাকেই দেখুওৱা হৈছে ছবিখনত।

অভিনয় যেন নলগা অভিনয়েৰে হিট হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 3


এক কথাত ক’বলৈ গ’লে ছবিখনৰ কাহিনীভাগ একেবাৰেই সৰু তথা সৰল। প্ৰয়াস শৰ্মা তামুলীৰ দৃশগ্ৰহণৰ পৰা আৰম্ভ কৰি ছবিখনৰ কাৰিকৰী দিশটোৰ প্ৰতিও বিশেষ এক গুৰুত্ব দিয়া হৈছে। হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। অৰুণ নাথ, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাকো দেখিবলৈ পোৱা গৈছে “গৰু” ত। চচিয়েল মিডিয়াত ইতিমধ্যে ছবিখনক লৈ বহু ধনাত্মক কমেন্ট দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform