Rupaliparda.com
এইবাৰ গীতালী দেৱীৰ "কলিজা" ৰ চৰ্চাঃ 1

এইবাৰ গীতালী দেৱীৰ “কলিজা” ৰ চৰ্চাঃ

কন্ঠশিল্পী গীতালী দেৱীৰ কন্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “কলিজা” য়ে লাভ কৰিছে বহুল সমাদৰ। একোটা গীত মুক্তিৰ পিছতে লাভ কৰা জনপ্ৰিয়তা আচলতে গীতালী দেৱীৰ প্ৰতিটো গীতত দেখিবলৈ পোৱা যায়। নতুন বৰ্ষৰ শুভাৰম্ভণি কৰি মুকলি কৰি দিয়া গীত “গুটীয়া নাওঁ” ৰ পিছত এই কন্ঠশিল্পী গৰাকীৰ “কলিজা” ইও লাভ কৰিছে সৰ্বত্ৰে চৰ্চা। গীতটিত কথা ভাস্কৰজ্যোতিৰ আৰু ইয়াত সুৰ কৰিছে গীতালী লগতে দেৱজিৎ বৰাই। সংগীত সুমিত সাগৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতালীৰ সৈতে গীতটিত কন্ঠদান কৰিছে দেৱজিৎ বৰাই। Zero DB ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ কৰিছে উদীপ্ত গগৈয়ে। বাঁহী প্ৰদীপ ডেকাৰ; আনহাতে, গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে উৎপল দাস, বন্দিতা ডেকা আৰু গীতালী দেৱীয়ে। অসীম গগৈৰ ভিডিঅ’ পৰিচালনাৰে গীতটিৰ দৃশ্যগ্ৰহণ ৰিপু কাশ্যপৰ।

এইবাৰ গীতালী দেৱীৰ "কলিজা" ৰ চৰ্চাঃ 2


গীতালীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটো গীতেই জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰাত সক্ষম হয়। কেৱল ইমানেই নহয়, জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ সংগীত প্ৰস্তুতেৰে অনুৰাগীৰ কাষ চপা ক্ষেত্ৰত গীতালীয়ে তেওঁৰ গীত সমূহ মুক্তিৰ পূৰ্বৰ পৰাই এক নতুন ঢৌৰ সৃষ্টি কৰি ৰখা দেখিবলৈ পোৱা যায়। সংগীতৰ জনপ্ৰিয়তাৰ লগতে কন্ঠশিল্পী গৰাকীৰ কিছু মহানুভৱতাৰ নিৰ্দশন দেখি আন একাংশ জনসাধাৰণো কন্ঠশিল্পী গৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.