Rupaliparda.com
হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে অভিশ্ৰুতি বেজবৰুৱাৰ "ওৰে ৰাতি" ৰ সফলতাঃ 1

হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে অভিশ্ৰুতি বেজবৰুৱাৰ “ওৰে ৰাতি” ৰ সফলতাঃ

হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে আকৌ এবাৰ সফলকাম কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱা। মুক্তিৰ পিছতেই সদ্যমুক্তিপ্ৰাপ্ত “ওৰে ৰাতি” ৰ সফলতা। বিগত বহু দিনৰ পৰা অপেক্ষাৰত অনুৰাগীক উৎসাহিত কৰি সঞ্চালকালয়, সাংস্কৃতিক বিভাগ অসম চৰকাৰ আৰু ৱাই পি ও উত্তৰ-পূৱ বিভাগৰ সহযোগত অভিশ্ৰুতিয়ে মুকলি কৰি দিয়ে তেওঁৰ নতুন গীত “ওৰে ৰাতি”। মুক্তিৰ পূৰ্বলৈ গীতটিত অন্তভূক্ত বিষয়বস্তুটো এনেধৰণৰ যে হ’ব সেয়া হয়টো শ্ৰোতা-দৰ্শকৰ কল্পনাৰো অগোচৰ আছিল; গীতটিত আইনভাৱে স্বীকৃতিপ্ৰাপ্ত তৃতীয় লিংগৰ সামাজিক অন্তৰ্ভূক্তিৰ বিষয়ে উপস্থাপন কৰা হৈছে। এগৰাকী ৰূপান্তৰকামী নাৰীৰ অন্তদ্বন্দ্বৰ বিষয়ে প্ৰকাশৰ লগতে গীতটিৰ জৰিয়তে সমাজখনত এওঁলোকক সমমৰ্যাদা প্ৰদানৰ কথাও ব্যক্ত কৰে কন্ঠশিল্পী গৰাকীয়ে। এক কথাত ক’বলৈ গ’লে, ২০১৪ বৰ্ষত তৃতীয় লিংগক আইনভাৱে স্বীকৃতি দিয়াৰ সমান্তৰালকৈ ২০১৯ বৰ্ষত তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ভোট প্ৰদানৰ ক্ষমতা লাভ কৰিছে যদিও আমাৰ এই তথাকথিত সমাজখনৰ বাবে এই বিষয়টো এতিয়াও সহজ হ’ব পৰা নাই। এগৰাকী “মনুষ্য” ৰ সাধাৰণ চিনাকীৰ বাহিৰেও তেওঁলোকক অইন কোনো দৃষ্টিৰে চাবলৈ বিচৰা জনসাধাৰণক যেন কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই বুজাব বিচাৰিছে কথা সমূহৰ গভীৰতা।

হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে অভিশ্ৰুতি বেজবৰুৱাৰ "ওৰে ৰাতি" ৰ সফলতাঃ 2


কন্ঠদানৰ উপৰিও পোনপ্ৰথমবাৰৰ বাবে গীতটিত সুৰ দিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই। কল্পনা ভূঞাৰ কথাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ কৰিছে অনুপম কোঁৱৰে। ৰক্তিম হাজৰিকাৰ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে গীতটিৰ ভিডিঅ’ৰ সহঃপৰিচালনা কৰিছে নীল বৰ্মণ আৰু প্ৰবাল বৰাই। সম্পাদনা কৰিছে সমুজ্জল কাশ্যপ আৰু গৌতম মজুমদাৰে। গীতটিৰ ভিডিঅ’ৰ আন এক ভাল বিষয় এয়াও যে, ইয়াত কিছু সময়ৰ বাবে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীয়ে; জান্হৱী বৰকটকীৰ অভিনয়ৰ প্ৰশংসাও ইতিমধ্যে কৰা হৈছে। আনহাতে, ভিডিঅ’টো আছে অভিশ্ৰুতিৰ বাহিৰেও টানেটচ টুইনচ ক্ৰমে ডিম্পী-চিম্পী লগতে বিজিত কুমাৰ দাস। কন্ঠশিল্পী গৰাকী আশাবাদী যে গীতটিত উপস্থাপিত বাৰ্তাই অকল অসমতেই নহয় সমগ্ৰ বিশ্বৰ শ্ৰোতাই যাতে হৃদয়ংগম কৰিব পাৰে। অভিশ্ৰুতি বেজবৰুৱাই গীতটিৰ জৰিয়তে “আঁকোৱালি লওঁক, শিক্ষিত হওঁক, সবল কৰক/ ক্ষমতা দিয়ক” আদিৰে সমাজলৈ এক বিনম্ৰ নিবেদন কৰিছে।

হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে অভিশ্ৰুতি বেজবৰুৱাৰ "ওৰে ৰাতি" ৰ সফলতাঃ 3
হৃদয়স্পৰ্শী বিষয়বস্তু আৰু সুমধুৰ কন্ঠৰে অভিশ্ৰুতি বেজবৰুৱাৰ "ওৰে ৰাতি" ৰ সফলতাঃ 4


মুক্তিৰ পিছতেই “ওৰে ৰাতি” ক আঁকোৱালি লৈছে এতিয়া সমগ্ৰ জনসাধাৰণে। এনে হৃদয়স্পৰ্শী বিষয়বস্তুৰ উপস্থাপন আমাৰ সমাজত যে প্ৰয়োজনীয় সেই কথাও ব্যক্ত কৰে বহুতে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform